বজালীৰ পাঠশালাত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পাঠশালাৰ মাজমজিয়াৰ চাৰিআলি চ’কত সংঘটিত অগ্নিকাণ্ডত হেঙুলী প্ৰকাশ, উপাসা খেলাঘৰকে ধৰি কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
আতচবাজীৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পাঠশালাৰ ভট্টদেৱ নগৰত সংঘটিত হৈছিল আন এক ভয়ংকৰ অগ্নিকাণ্ড।
ইফালে, পাঠশালাত ধাৰাবাহিকভাৱে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বজালী জিলা প্ৰশাসনে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফটকা-আতচবাজী বিক্ৰীৰ বাবে পূৰ্বে প্ৰদান কৰা সকলো অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰিছে প্ৰশাসনে।
৯ নৱেম্বৰ, ২০২৬ তাৰিখে বজালীৰ জিলা আয়ুক্তই এক নিৰ্দেশযোগে এই সিদ্ধান্ত ঘোষণা কৰে। নিৰ্দেশ অনুসৰি, পাঠশালাৰ বিভিন্ন স্থানত থকা অস্থায়ী বিপণীসমূহত ফটকা-আতচবাজীৰ বিক্ৰী, প্ৰদৰ্শন আৰু বিতৰণৰ কাম-কাজ তাৎক্ষণিকভাৱে বন্ধ কৰিব লাগিব।
লগতে ফটকা-আতচবাজী সুৰক্ষিতভাৱে সংৰক্ষণ কৰাৰ লগতে প্ৰচলিত বিস্ফোৰক সামগ্ৰী আইন আৰু সংশ্লিষ্ট বিধি-নিয়ম কঠোৰভাৱে মানি চলিবলৈ বিক্ৰেতাসকলক নিৰ্দেশ দিছে জিলা প্ৰশাসনে।
