ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ জিণ্টীমণি কলিতা; দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ নিৰ্বাচিত জিণ্টীমণিৰ সাফল্যত আনন্দিত পৰিয়ালবৰ্গ

অসমৰ ক্ৰীড়া জগতলৈ আহিল এক সুখবৰ। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ জিণ্টীমণি কলিতাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ কৰিছে জিণ্টীমণিয়ে।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত অহা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব একমাত্ৰ টেষ্ট মেচখন। আনহাতে, ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া মেচ। শৃংখলাটোত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচো অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল জিণ্টীমণিয়ে। এইবাৰ ভাৰতীয় দলত স্থান লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰতিভা পুনৰ প্ৰমাণ কৰাৰ আন এক সুযোগ লাভ কৰিছে অসমৰ এইগৰাকী ক্ৰিকেটাৰে।

জিণ্টীমণিৰ এই সাফল্যৰ খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালবৰ্গক। সমান্তৰালকৈ জিণ্টীমণিৰ প্ৰথমগৰাকী প্ৰশিক্ষক মৃদুল তামুলীয়েও তেওঁৰ এই সাফল্যত প্ৰকাশ কৰিছে আনন্দ।

অসমৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰৰ এই গৌৰৱময় যাত্ৰাক লৈ এতিয়া উৎফুল্লিত ৰাজ্যবাসী। আগন্তুক শৃংখলাতো জিণ্টীমণিয়ে উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমীসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম-অৰুণাচল সীমান্তত উত্তেজনা, অসমৰ যুৱকক প্ৰহাৰৰ ঘটনাক লৈ উত্তাল ভালুকপুং

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।...