চৰ্চাত এখন বিশেষ বিয়া! ঘোঁৰাৰ দৌৰৰ পৰা ৪ লাখ লোকলৈ ভোজৰ ব্যৱস্থা, ঘোঁৰা দৌৰৰ বিজয়ীক উপহাৰ দিব মহিন্দ্ৰা থাৰ; কাৰ বিয়াৰ বাবে এই ৰাজকীয় আয়োজন?

বিহাৰৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে মোকামাৰ বিধায়ক অনন্ত সিং। এইবাৰ অৱশ্যে ৰাজনৈতিক কাৰণত নহয়, কনিষ্ঠ কন্যাৰ বিয়াৰ বিশাল আয়োজনক লৈহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিধায়কগৰাকী। বিয়াত প্ৰায় ৪ লাখ লোকৰ বাবে ভোজৰ ব্যৱস্থা, বিদেশৰ পৰা অনা ফুলেৰে আকৰ্ষণীয় সজ্জা আৰু ঘোঁৰাৰ দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ বিজয়ীক উপহাৰ হিচাপে প্ৰদান কৰা হ’ব এখন মহিন্দ্ৰা থাৰ বাহন।

বিহাৰৰ লাডমা গাঁৱত কেইবাটাও একৰ ভূমি জুৰি চলিছে এই বিয়াৰ ব্যাপক প্ৰস্তুতি। অহা ২৫ নৱেম্বৰত অনন্ত সিঙৰ কন্যা শিৱাংগী সিঙৰ সৈতে পাটনাৰ বিহতা অঞ্চলৰ কৃষ্ণনগৰৰ বাসিন্দা ঋষিকেশ কুমাৰ, যাক অংকিত নামেৰেও জনা যায়, বিবাহপাশত আবদ্ধ হ’ব। একেদিনাই অনন্ত সিঙৰ কনিষ্ঠ পুত্ৰ অভিনৱৰো পৱিত্ৰ উপনয়ন অৰ্থাৎ লগুণ দিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।

বিয়াৰ আয়োজনৰ বাবে উত্তৰ প্ৰদেশৰ মৌৰ পৰা বিশেষভাৱে সজ্জাকাৰীৰ দল অনা হৈছে। তেওঁলোকে বিশাল পেণ্ডেল নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে। আনহাতে, ঘোঁৰাৰ দৌৰ প্ৰতিযোগিতাৰ বাবে পৃথক খেলপথাৰো প্ৰস্তুত কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও ঘোঁৰা অনাগত দিনকেইটাত বাৰহত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বিধায়ক অনন্ত সিঙে জানিবলৈ দিয়া মতে, ঘোঁৰাৰ দৌৰ প্ৰতিযোগিতাৰ বিজয়ীক এখন মহিন্দ্ৰা থাৰ আৰু দ্বিতীয় স্থান লাভ কৰাজনক এখন মটৰচাইকেল প্ৰদান কৰা হ’ব।

অৱশ্যে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিয়াত আতচবাজী ব্যৱহাৰ কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিছে।

এই বিশাল বিবাহ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছে অনন্ত সিঙে। ইয়াৰ উপৰি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰ, আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু বিৰোধী দলৰ নেতা তেজস্বী যাদৱকো আমন্ত্ৰণ জনোৱা হৈছে।

ৰাজনৈতিক নেতাৰ লগতে চলচ্চিত্ৰ জগতৰ বহু তাৰকাকো নিমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰিত অতিথিৰ তালিকাত অভিনেতা ছোনু ছুদ, লোকসংগীত শিল্পী তথা সাংসদ মনোজ তিৱাৰী, লোকসংগীত শিল্পী মৈথিলী ঠাকুৰ, ভোজপুৰী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা পৱন সিং আৰু অভিনেত্ৰী অক্ষৰা সিঙৰ নামো আছে। ইয়াৰ উপৰি বলীউডৰ আন কেইবাগৰাকীও ব্যক্তিত্বক আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে তেওঁলোকৰ উপস্থিতি এতিয়াও নিশ্চিত হোৱা নাই।

বিবাহ অনুষ্ঠানত ভোজপুৰী, মগহী আৰু মুম্বাইৰ শিল্পীৰ অংশগ্ৰহণেৰে বিশেষ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। আনহাতে, বিয়াৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনন্ত সিঙৰ পত্নী নীলম দেৱীয়ে বিভিন্ন দেৱ-দেৱতালৈও বিবাহৰ নিমন্ত্ৰণী-পত্ৰ আগবঢ়াইছে।

উল্লেখযোগ্য যে এই আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানৰ মাত্ৰ কেইদিনমান পিছতে, অৰ্থাৎ ১ ডিচেম্বৰত, আদালতৰ নিৰ্দেশ অনুসৰি অনন্ত সিঙে আত্মসমৰ্পণ কৰিব লাগিব। ২০২৫ চনৰ অক্টোবৰ মাহত মোকামাত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা দু’লাৰ চান্দ যাদৱৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ নাম সাঙোৰ খাইছে। এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। উল্লেখ্য যে শেহতীয়াকৈ জেডিইউৰ পৰা বহিষ্কৃত হোৱা অনন্ত সিঙক যোৱা মাৰ্চ মাহত পাটনা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

এফালে ৰাজকীয় আয়োজনৰে কন্যাৰ বিবাহ, আনফালে গুৰুতৰ হত্যাকাণ্ডৰ গোচৰত আদালতৰ নিৰ্দেশত আত্মসমৰ্পণৰ প্ৰস্তুতি। এই দুটা বিষয়ক লৈয়ে এতিয়া বিহাৰৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে বিধায়ক অনন্ত সিঙে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...