টেঙাখাতত পুনৰ অগ্নিকাণ্ড! Oil Indiaৰ ৪ নং খৰিকটীয়া তৈল খাদৰ কেণ্টিনত চিলিণ্ডাৰ বিস্ফোৰণ

টেঙাখাতৰ ITFত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ আতংক মাৰ নৌযাওঁতেই পুনৰ অগ্নিকাণ্ডৰ ঘটনাই জোকাৰি গ’ল অঞ্চলটো। এইবাৰ Oil India Limitedৰ টেঙাখাতস্থিত ৰংচঙীয়াৰ ৪ নং খৰিকটীয়া তৈল খাদত দেওবাৰে বিয়লি সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, Oil India Limitedৰ ব্যক্তিগত তৈল খননকাৰী প্ৰতিষ্ঠান ‘দীপ এনাৰ্জী’ৰ এটা কেণ্টিনত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে টেঙাখাতৰ ITFত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি ৰাখিছিল। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ Oil Indiaৰ অধীনস্থ তৈল খাদত সংঘটিত এই অগ্নিকাণ্ডই ৰাইজৰ উদ্বেগ অধিক বৃদ্ধি কৰিছে।

ইফালে, Oil India Limitedৰ অধীনত সঘনাই সংঘটিত হৈ থকা এনে অগ্নিকাণ্ড আৰু দুৰ্ঘটনাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। তৈলক্ষেত্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...