দেৱালীৰ উৎসৱৰ পিছতে ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰশাসনে ইতিমধ্যে GRAP-IIIৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো আজি পুৱাই দিল্লীৰ বায়ুৰ গুণগত মান সূচকাংক (AQI) ৪৮৩লৈ বৃদ্ধি পায়। ফলত সমগ্ৰ ৰাজধানী চহৰখন ঘন বিষাক্ত ধোঁৱাৰ আৱৰণেৰে ঢাকি পৰে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCB)-ৰ তথ্য অনুসৰি, আজি পুৱা ৮ বাজি ১০ মিনিটত দিল্লীৰ সামগ্ৰিক AQI ৪৮৩ নথিভুক্ত হয়। চহৰখনৰ কমেও ১৫টা নিৰীক্ষণ কেন্দ্ৰত AQI-ৰ মাত্ৰা ৪০০ অতিক্ৰম কৰে। বিশেষকৈ ITO অঞ্চলত AQI ৪০৭ হোৱাৰ বিপৰীতে বিবেক বিহাৰত ৪৪৫, বুৰাৰী ক্ৰছিঙত ৪৪১ আৰু জাহাংগীৰপুৰীত ৪৩৩ৰ পৰা ৪৪২ৰ ভিতৰত প্ৰদূষণৰ মাত্ৰা নথিভুক্ত হয়।
একেদৰে ৰোহিণীত AQI ৪৩০ৰ পৰা ৪৩৮, দিল্লী টেকন’লজিকেল ইউনিভাৰ্চিটীত ৪৩০ৰ পৰা ৪৩৪, নৰ্থ কেম্পাছত ৪৩৩, বৱানাত ৪২৭, গাজীপুৰত ৪১৮ আৰু মুন্দকাত ৪১৭ নথিভুক্ত হয়। আনহাতে, পাঞ্জাবী বাগ আৰু নৰেলাতো বায়ু প্ৰদূষণৰ মাত্ৰা অতি ভয়াৱহ পৰ্যায়ত উপনীত হয়।
ঘন ধোঁৱাৰ বাবে দিল্লীৰ জনজীৱন যথেষ্ট ব্যাহত হোৱা পৰিলক্ষিত হয়। পথসমূহত দৃশ্যমানতা হ্ৰাস পোৱাত বাহনচালকসকলে পুৱাৰ ভাগতে হেডলাইট জ্বলাই চলাচল কৰিবলগীয়া হয়। আনকি অক্ষৰধাম মন্দিৰটোও ঘন ধোঁৱাৰ আৱৰণৰ বাবে কাষৰ ফ্লাইঅ’ভাৰৰ পৰা স্পষ্টকৈ দেখা নোপোৱা অৱস্থা হয়। প্ৰদূষণৰ ফলত বহু লোকৰ চকু জ্বলা-পোৰা আৰু মূৰৰ বিষৰ দৰে সমস্যাই দেখা দিয়ে।
ইফালে, ছুইজাৰলেণ্ডৰ বায়ু প্ৰদূষণ সম্পৰ্কীয় সংস্থা IQAir-ৰ তথ্য অনুসৰি, দিল্লীৰ শ্বাহদাৰা অঞ্চলত AQI ১,০০০ৰো অধিক হয়। আনহাতে, মথুৰা ৰোডৰ CRRIত AQI ৩৯৬, ড০ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ৩৬১ আৰু নাজাফগড়ত ৩৪০ নথিভুক্ত হয়।
উল্লেখযোগ্য যে দেৱালীৰ তিনিদিন পূৰ্বে শুকুৰবাৰেই দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত GRAP-III কাৰ্যকৰী কৰা হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজী (IITM)-ৰ প্ৰদূষণ আৰু বতৰৰ আগতীয়া পূৰ্বানুমানৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই পৰ্যায়ৰ অধীনত অত্যাৱশ্যকীয় নহোৱা নিৰ্মাণকাৰ্য বন্ধ কৰা, যান-বাহনৰ চলাচলত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা আৰু প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে হাইব্ৰিড পাঠদানৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে, দিল্লীৰ সমান্তৰালভাৱে দেশৰ আন কেইবাখনো চহৰতো বায়ু প্ৰদূষণৰ অৱনতি ঘটিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বিভিন্ন অঞ্চল ঘন ধোঁৱাই ঢাকি পেলোৱাৰ বিপৰীতে মুম্বাইৰ বান্দ্ৰা আৰু কালানগৰ অঞ্চলতো ধোঁৱাময় পৰিৱেশে বিৰাজ কৰে। মুম্বাইৰ খেৰৱাড়ী-বান্দ্ৰা ইষ্টত AQI ২৬৪, ছেৱৰীত ২২৬ আৰু ঘাটকোপাৰত ২২১ নথিভুক্ত হয়।
উল্লেখ্য যে CPCB-ৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি AQI ৪০১ৰ পৰা ৫০০ৰ ভিতৰৰ মাত্ৰাক ‘অতি ভয়াৱহ’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। দিল্লীত প্ৰদূষণৰ এনে ভয়াৱহ পৰিস্থিতিয়ে পুনৰবাৰ ৰাজধানী অঞ্চলৰ বায়ুৰ গুণগত মান আৰু জনস্বাস্থ্যক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।
