ইজিপ্তত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, নিহত ৭জন

ইজিপ্তৰ গিজা প্ৰদেশত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত কমেও ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ১২৫জনকৈ যাত্ৰী। গিজাৰ পৰা ফায়ুম অভিমুখে গৈ থকা এখন ৰে’লে একেটা ৰে’লপথতে ৰৈ থকা আন এখন ৰে’লৰ পিছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। সংঘৰ্ষৰ ফলত কেইবাটাও ডবা লাইনচ্যুত হয়।
দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে আহতসকলক ৭২খন এম্বুলেন্সৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ৭১জন আহত লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। ইফালে, ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-ছিছিয়ে। ৰে’ল দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ লগতে কোনো লোকৰ গাফিলতি প্ৰমাণিত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...