ভাৰতীয় ৰে’লৱে ট্ৰেফিক ছাৰ্ভিচৰ জ্যেষ্ঠ বিষয়া তথা অসম সন্তান লক্ষেশ্বৰ শইকীয়াই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NFR) প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। ৰে’লৱেৰ এই গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত এগৰাকী অসমীয়া বিষয়াই অধিষ্ঠিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰি অসম ৰে’লযাত্ৰী সংস্থাই তেওঁলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখ্য যে, কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী লক্ষেশ্বৰ শইকীয়াই কৰ্মজীৱনৰ আৰম্ভণিতে অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৯৩ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে তেওঁ ভাৰতীয় ৰে’লৱে সেৱাত যোগদান কৰে। প্ৰকল্প আৰু নেতৃত্ব ব্যৱস্থাপনা বিষয়ত এম বি এ ডিগ্ৰীধাৰী শইকীয়াই দেশ-বিদেশৰ কেইবাখনো আগশাৰীৰ প্ৰতিষ্ঠানত বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰিছে।
উচ্চ প্ৰশাসনিক গ্ৰেডৰ বিষয়া হিচাপে ৰে’লৱেৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে তেওঁৰ। শেহতীয়াকৈ তেওঁ কলকাতা মেট্ৰ’ ৰে’লৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক হিচাপে দক্ষতাৰে দায়িত্ব পালন কৰি সুনাম অৰ্জন কৰিছিল। ইয়াৰ পূৰ্বেও উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰিচালন আৰু বাণিজ্যিক বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
ইয়াৰ উপৰি, প্ৰায় সাত বছৰীয়া প্ৰতিনিযুক্তিৰ কাৰ্যকালত শইকীয়াই কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সঞ্চালক, ভাৰতীয় খাদ্য নিগমৰ অসম অঞ্চলৰ মহাপ্ৰবন্ধক আৰু ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেচন (IRCTC)ৰ মুখ্য আঞ্চলিক প্ৰবন্ধক হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।
অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই কয় যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দৰে এক গুৰুত্বপূৰ্ণ সংস্থাৰ শীৰ্ষ পৰিচালন পদত অসমৰ এগৰাকী অভিজ্ঞ বিষয়াই অধিষ্ঠিত হোৱাটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ নেতৃত্বত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সেৱা আৰু পৰিচালন ব্যৱস্থাই অধিক গতিশীলতা লাভ কৰিব বুলি সংস্থাই আশা প্ৰকাশ কৰিছে।
