কঙ্গোৰ পূব প্ৰান্তৰ এখন গাঁৱত ইছলামিক ষ্টেট (IS)-ৰ সৈতে সম্পৰ্কিত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত কমেও ৩৩ জন লোক নিহত হোৱাৰ লগতে বহু ঘৰ-দুৱাৰত অগ্নিসংযোগ আৰু লুটপাত চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অঞ্চলটোত ইতিমধ্যে ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটাৰ ফলত আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত প্ৰাণৰ মমতাত বহু লোকে গাঁও এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।
এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে নিশা পূব কঙ্গোৰ উত্তৰ কিভু প্ৰদেশৰ কান্তিনে নামৰ এখন গাঁৱত ইছলামিক ষ্টেটৰ সৈতে সম্পৰ্কিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়।
এই আক্ৰমণৰ বাবে এলাইড ডেম’ক্ৰেটিক ফৰ্চেছ (ADF)-ক জগৰীয়া কৰিছে অঞ্চলটোৰ এটা সামাজিক সংগঠনৰ মুৰব্বী জাষ্টিন পালুকুৱে। শুকুৰবাৰে তেওঁ জানিবলৈ দিয়া মতে, আক্ৰমণকাৰীয়ে কমেও ৩৩ জন লোকক হত্যা কৰাৰ লগতে প্ৰায় ৫০টা ঘৰত অগ্নিসংযোগ আৰু লুটপাত চলায়। এই ঘটনাৰ পিছতে আতংকিত হৈ বহু গাঁওবাসীয়ে নিজৰ ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ পলায়ন কৰে।
ইফালে, অঞ্চলটোত দ্ৰুতগতিত বিয়পি পৰিছে ইবোলা ভাইৰাছৰ সংক্ৰমণ। আক্ৰমণৰ পিছত পলায়ন কৰা লোকসকলৰ ভিতৰত স্থানীয় চিকিৎসালয়খনৰ ১৮০ জন ৰোগীও আছে বুলি জানিবলৈ দিছে কান্তিনেৰ কেলিকেলি হাস্পতাল কেন্দ্ৰৰ চিকিৎসা সঞ্চালক ক্ৰিষ্টিয়ান কাকুলেই। তেওঁৰ মতে, চিকিৎসালয়খনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বতে এই আক্ৰমণ সংঘটিত হৈছিল।
আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, চিকিৎসালয় এৰি পলায়ন কৰা লোকসকলৰ মাজত কেইবাজনো ইবোলা আক্ৰান্ত ৰোগী আছে। ফলত তেওঁলোকৰ জৰিয়তে আন অঞ্চললৈও এই মাৰাত্মক ভাইৰাছ বিয়পি পৰাৰ আশংকা প্ৰকাশ কৰিছে চিকিৎসকসকলে।
প্ৰতিবেদন অনুসৰি, উত্তৰ কিভু অঞ্চলত ইবোলা সংক্ৰমণৰ ফলত ইতিমধ্যে কমেও ৫,০০০ লোকৰ মৃত্যু হৈছে। তাৰ মাজতে অঞ্চলটোত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ৰোগীৰ চিকিৎসা তথা সংক্ৰমণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও পূব কঙ্গোৰ বিভিন্ন অঞ্চলত আক্ৰমণ চলাই আহিছে এলাইড ডেম’ক্ৰেটিক ফৰ্চেছে। ধাৰাবাহিকভাৱে সংঘটিত এনে হিংসাত্মক ঘটনাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত নিৰাপত্তাহীনতা আৰু আতংক বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে জাষ্টিন পালুকুৱে।
