দৰ্শনাৰ্থীক দেখিলেই অশ্ৰাব্য গালি-গালাজ আৰু তাৰ পিছতে একেলগে অট্টহাস্যত ফাটি পৰে পাঁচটা আফ্ৰিকান গ্ৰে পেৰট। ভাটৌকেইটাৰ এনে আচৰণত অতিষ্ঠ হৈ অৱশেষত সিহঁতক পৃথক পৃথক পিঞ্জৰাত ৰখাৰ সিদ্ধান্ত লয় ইংলেণ্ডৰ লিংকনশ্বায়াৰ ৱাইল্ডলাইফ পাৰ্ক কৰ্তৃপক্ষই।
২০২০ চনত চিৰিয়াখানাখনলৈ অনাৰ পিছৰে পৰা পাঁচোটা ভাটৌক একেলগে ৰখা হৈছিল। কিন্তু কিছুদিনৰ ভিতৰতে সিহঁতৰ অদ্ভুত আচৰণে কৰ্মচাৰীসকলক বিপাঙত পেলায়। কোনো এজন দৰ্শনাৰ্থী পিঞ্জৰাটোৰ সন্মুখত আহি থিয় দিলেই ভাটৌকেইটাই গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছিল। এটা ভাটৌৱে আৰম্ভ কৰিলেই বাকীকেইটাইও তাত যোগ দিছিল। তাৰ পিছতে আটাইকেইটাই একেলগে উচ্চস্বৰে হাঁহিবলৈ ধৰিছিল।
চিৰিয়াখানাৰ কৰ্মচাৰীসকলৰ মতে, ভাটৌকেইটাৰ মাজত কোনে কাক চেৰ পেলাব পাৰে, তাক লৈ যেন এক প্ৰতিযোগিতাহে চলিছিল। এটাই গালি পাৰিলে আনটোৱে তাতকৈও জোৰেৰে সেই শব্দ আওৰাইছিল। বাকীকেইটাই আকৌ হাঁহি মাৰি তাক উৎসাহ যোগাইছিল। দৰ্শনাৰ্থীসকল অস্বস্তিত পৰি আঁতৰি গ’লেও সিহঁতে হাঁহিবলৈ এৰা নাছিল। অৱশ্যে পিঞ্জৰাটোৰ সন্মুখত কোনো লোক নাথাকিলে সিহঁত শান্ত হৈ আছিল।
বহু দৰ্শনাৰ্থীয়ে ভাটৌকেইটাৰ এনে কাণ্ড উপভোগ কৰিছিল যদিও সৰু ল’ৰা-ছোৱালীক লগত লৈ অহা পৰিয়ালসমূহৰ বাবে ই অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাঁচোটা ভাটৌক পৃথক পৃথক পিঞ্জৰালৈ স্থানান্তৰ কৰা হয়। কৰ্মচাৰীসকলে ধেমালিতে সিহঁতৰ পিঞ্জৰাটোক চিৰিয়াখানাৰ আটাইতকৈ ‘অভদ্ৰ শ্ৰেণীকোঠা’ বুলিও অভিহিত কৰিছিল।
উল্লেখ্য যে আফ্ৰিকান গ্ৰে পেৰট বিশ্বৰ অন্যতম বুদ্ধিমান চৰাই হিচাপে পৰিচিত। ইহঁতে মানুহৰ মাত অনুকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিক পৰিস্থিতি আৰু সামাজিক ইংগিতো বুজিব পাৰে। গৱেষণাৰ মতে, এই প্ৰজাতিৰ ভাটৌৱে ১০০টাতকৈও অধিক শব্দ শিকিব পাৰে। কেৱল মানুহৰ পৰাই নহয়, আন চৰাইৰ পৰাও ইহঁতে নতুন শব্দ আৰু আচৰণ শিকে।
পৰৱৰ্তী সময়ত চিৰিয়াখানা কৰ্তৃপক্ষই পাঁচোটা ভাটৌক আন চৰাইৰ এটা দলৰ সৈতে মিলাই দিয়ে। গালি-গালাজৰ অভ্যাস নথকা চৰাইৰ সংস্পৰ্শলৈ আহিলে সিহঁতৰ এই আচৰণ কমি আহিব বুলি আশা কৰা হৈছে।
ইফালে, ভাটৌকেইটাৰ এই অদ্ভুত কাণ্ডৰ খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে নেটিজেনসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰে। ঘটনাটোৱে পুনৰ প্ৰমাণ কৰিলে যে চৰাই-চিৰিকটিয়েও পৰিৱেশ আৰু সংগৰ পৰা আচৰণ শিকিব পাৰে।
