ভাৰতীয় বায়ুসেনাই (IAF) বিমান পৰিবহণৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লাডাখৰ নিয়োমা বিমানঘাটিত ১৩,৬২৯ ফুট উচ্চতাত সফলতাৰে অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ গধুৰ সামৰিক পৰিবহণ বিমান IL-76MD-য়ে।
এই ঐতিহাসিক সাফল্যৰ কথা সামাজিক মাধ্যম Xযোগে প্ৰকাশ কৰে ভাৰতীয় বায়ুসেনাই। অৱতৰণৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি বায়ুসেনাই ইয়াক বিমান পৰিবহণৰ ইতিহাসৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। লগতে এই অভিযানত জড়িত বিমানৰ ক্ৰু আৰু অন্যান্য কৰ্মীৰ দক্ষতা, নিখুঁত পৰিকল্পনা তথা পেছাদাৰিত্বৰো প্ৰশংসা কৰে।

উল্লেখ্য যে, পূব লাডাখত অৱস্থিত নিয়োমা বিমানঘাটি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ সমীপত থকাৰ বাবে সামৰিক দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩,৬২৯ ফুট উচ্চতাত অৱস্থিত এই বিমানঘাটিত বিমান চলাচল কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক। বিশেষকৈ উচ্চতাত বায়ুৰ ঘনত্ব কমি যোৱাৰ ফলত বিমানৰ উত্তোলন ক্ষমতা আৰু ইঞ্জিনৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰে। ফলত গধুৰ পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণৰ ক্ষেত্ৰত বিশেষ সাৱধানতা তথা নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন হয়।
উল্লেখ্য যে, ৰাছিয়াত নিৰ্মিত IL-76MD হৈছে ৪টা ইঞ্জিনযুক্ত এখন গধুৰ সামৰিক পৰিবহণ বিমান। সেনা জোৱান, সামৰিক সা-সৰঞ্জাম আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত ভাৰতীয় বায়ুসেনাৰ বাবে বিমানখন যথেষ্ট গুৰুত্বপূৰ্ণ। বিশেষকৈ দুৰ্গম আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহলৈ সেনা আৰু ৰছদ-পাতি সৰবৰাহত বিমানখনে বিশেষ ভূমিকা পালন কৰি আহিছে।
এই সফল অৱতৰণে কেৱল IL-76MD বিমানখনৰ কাৰিকৰী সক্ষমতাই নহয়, ভাৰতীয় বায়ুসেনাৰ কৰ্মীসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু অভিযান পৰিচালনাৰ সামৰ্থ্যও পুনৰ প্ৰমাণ কৰিলে। ‘সীমা অতিক্ৰম, নতুন উচ্চতা আৰু ইতিহাস সৃষ্টি’ বুলি অভিহিত কৰি এই ঐতিহাসিক সাফল্য উদযাপন কৰে ভাৰতীয় বায়ুসেনাই।
