খানাপাৰাত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, স্বামীৰ বিস্ফোৰক অভিযোগ

মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। মৃতদেহটো এটা বস্তাৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, পুৱাৰ ভাগত স্থানীয় একাংশ লোকে মৃতদেহটোৰ হাত আৰু ভৰিৰ কিছু অংশ প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। খবৰ লাভ কৰাৰ পিছতে দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পৰৱৰ্তী সময়ত দণ্ডাধীশ আৰু ফৰেনছিক বিশেষজ্ঞৰ দলৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হয়।

প্ৰাথমিকভাৱে মৃতদেহটো জীনা বৈশ্য নামৰ এগৰাকী মহিলাৰ বুলি সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে খানাপাৰাৰ পৰা নিৰুদ্দেশ হৈছিল জীনা বৈশ্য। মহিলাগৰাকীৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বশিষ্ঠ আৰু মেঘালয় আৰক্ষীকো অৱগত কৰিছিল।

ইফালে, উদ্ধাৰ হোৱা মৃতদেহটোক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জীনা বৈশ্যৰ স্বামীয়ে। তেওঁৰ মতে, মৃতদেহটোত থকা কাপোৰ আৰু হাতৰ খাৰু জীনাৰ সৈতে মিল আছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে মৃতদেহটোৰ পৰিচয় আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

স্বামীৰ অভিযোগ অনুসৰি, দেওবাৰে দুপৰীয়া ভনীয়েকৰ সৈতে ই এছ আই চি হাস্পতালত থাকিবলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল জীনা। কিন্তু সোমবাৰে তেওঁ খবৰ লৈ জানিব পাৰে যে জীনা হাস্পতালখনলৈ যোৱাই নাছিল।

স্বামীয়ে লগতে সন্দেহ প্ৰকাশ কৰে যে তীৰ খেলৰ সৈতে জড়িত কোনো লোকে জীনাক অপহৰণ কৰি হত্যা কৰিব পাৰে। তেওঁৰ অভিযোগ, মহিলাগৰাকীক কোনো লোকে লক্ষ্য কৰি আছিল আৰু তেওঁৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ পিছত হত্যা কৰা হ’ব পাৰে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই।

স্বামীৰ আন এক দাবী অনুসৰি, মৃতদেহটো গেলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে। সেয়েহে কেইবাদিনো পূৰ্বে মহিলাগৰাকীক হত্যা কৰি মৃতদেহটো তাত পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তেওঁ।

ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহটোৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰাৰ লগতে মৃত্যুৰ কাৰণ আৰু ঘটনাৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...