বিলাস ইন কাণ্ডৰ দুই শিশুৰ ফটো-ভিডিঅ’ ভাইৰেলক লৈ কঠোৰ শিশু কল্যাণ সমিতি, ছমাহ কাৰাদণ্ড আৰু ২ লাখ টকা জৰিমনাৰ সকীয়নি

শিশুৰ পৰিচয় প্ৰকাশ কৰাটো আইনী অপৰাধ, সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমকো সংযম আৰু সংবাদ নৈতিকতা (Media Ethics) মানি চলিবলৈ আহ্বান CWCৰ

হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলিচালনাৰ ঘটনাত নিহত দেৱৰ্ষি কাশ্যপ আৰু ৰিনিকা কাশ্যপৰ দুই শিশু সন্তানৰ ফটো, ভিডিঅ’ আৰু পৰিচয় সামাজিক মাধ্যম তথা বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে শিশু কল্যাণ সমিতিয়ে (CWC)। শিশু দুটিৰ সুৰক্ষা আৰু গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰচাৰিত ফটো, ভিডিঅ’ আৰু পৰিচয়সূচক তথ্যসমূহ সামাজিক মাধ্যমৰ পৰা আঁতৰাই পেলাবলৈ আহ্বান জনাইছে সমিতিয়ে।

আজি বৰপেটাৰ ইচ্ছাপুৰহাটীৰ ভৰালী পৰিয়ালত উপস্থিত হৈ শিশু দুটিৰ সুৰক্ষা, যত্ন আৰু আনুষংগিক বিষয়সমূহৰ বুজ লয় শিশু কল্যাণ সমিতিৰ এটা দলে। পৰিদৰ্শনৰ পিছতে CWCৰ অধ্যক্ষ ডলী পাঠকে সংবাদ মাধ্যম আৰু সাধাৰণ ৰাইজক শিশু দুটিৰ ফটো, ভিডিঅ’ অথবা পৰিচয় প্ৰকাশ নকৰিবলৈ বিশেষ আহ্বান জনায়।

অধ্যক্ষগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে শিশু দুটিৰ ফটো, বিদ্যালয়ৰ নাম, বাসস্থান অথবা তেওঁলোকক চিনাক্ত কৰিব পৰা আন কোনো তথ্য ৰাজহুৱা কৰিলে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষা আৰু ভৱিষ্যৎ জীৱন বিপদাপন্ন হোৱাৰ আশংকা থাকে। বিশেষকৈ এনে সংবেদনশীল পৰিস্থিতিত শিশুৰ পৰিচয় প্ৰকাশে তেওঁলোকক মানসিক, সামাজিক আৰু নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন কৰিব পাৰে।

তেওঁ উল্লেখ কৰে যে শিশুৰ পৰিচয় প্ৰকাশৰ দৰে বিষয়ত আইন অনুসৰি ছমাহ পৰ্যন্ত কাৰাদণ্ড আৰু দুই লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা থাকিব পাৰে। সেয়েহে পূৰ্বে জানি বা নজনাকৈ শিশু দুটিৰ ফটো, ভিডিঅ’ আৰু পৰিচয় প্ৰচাৰ কৰা লোকসকলক সেইসমূহ আঁতৰাই পেলোৱাৰ লগতে ভৱিষ্যতে এনে ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনায়। অন্যথা নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে CWCৰ অধ্যক্ষ ডলী পাঠকে।

হোটেল বিলাস ইন কাণ্ডৰ দৰে হত্যাকাণ্ড, অপৰাধ, দুৰ্ঘটনা, যৌন নিৰ্যাতন, পাৰিবাৰিক হিংসা অথবা আন যিকোনো সংবেদনশীল ঘটনাৰ সৈতে জড়িত শিশুৰ ফটো, ভিডিঅ’ আৰু পৰিচয় প্ৰকাশ কৰাটো কেৱল সংবাদ পৰিৱেশনৰ বিষয় নহয়; ই শিশুটিৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যাদাৰ সৈতেও জড়িত।

এনে ঘটনাত পিতৃ-মাতৃ অথবা অভিভাৱকক হেৰুওৱা শিশুসকল ইতিমধ্যে গভীৰ মানসিক আঘাতৰ মাজেৰে পাৰ হয়। তেনে সময়তে তেওঁলোকৰ ফটো আৰু ব্যক্তিগত তথ্য ৰাজহুৱা হ’লে পৰৱৰ্তী সময়ত শিশুসকলৰ জীৱনত বহুতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

বহু সময়ত কোনো হৃদয়বিদাৰক ঘটনাৰ পিছত আৱেগিক হৈ একাংশ লোকে সহানুভূতি প্ৰকাশৰ উদ্দেশ্যে, বৰ্তমান সময়ত ভিউজৰ বাবে শিশুৰ ফটো, ভিডিঅ’ আৰু ব্যক্তিগত তথ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰে। কিন্তু এনে পদক্ষেপে শিশুটিৰ উপকাৰ কৰাৰ পৰিৱৰ্তে বিপদ বৃদ্ধি কৰিব পাৰে।

এটি শিশুৰ জীৱন, নিৰাপত্তা, গোপনীয়তা আৰু ভৱিষ্যৎ অধিক মূল্যৱান। শিশুৰ সুৰক্ষা কোনো বাতৰিৰ চৰ্চা বা ভাইৰেল হোৱাৰ প্ৰতিযোগিতাতকৈ সদায় ঊৰ্ধ্বত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...