২৬ নং দৰংগাজুলি অনুসূচিত জনজাতি বিটিচি সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, মুঠ ভোটাৰ ৬৮,৪৩১ গৰাকী

তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি ২৬ নং দৰংগাজুলি অনুসূচিত জনজাতি (ST) বিটিচি সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা এই খচৰা ভোটাৰ তালিকাত সমষ্টিটোৰ ৭৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত মুঠ ৬৮,৪৩১ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে।

ইয়াৰে ৩৪,২২১ গৰাকী পুৰুষ আৰু ৩৪,২১০ গৰাকী মহিলা ভোটাৰ।

জিলা প্ৰশাসনে জনোৱা অনুসৰি, প্ৰকাশিত খচৰা ভোটাৰ তালিকাক লৈ কোনো লোকৰ দাবী বা আপত্তি থাকিলে অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। দাখিল কৰা দাবী আৰু আপত্তিসমূহ ২৭ নৱেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।

ইয়াৰ পিছতে অহা ৩০ নৱেম্বৰত সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ তালিকাও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে, বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত ২৬ নং দৰংগাজুলি অনুসূচিত জনজাতি বিটিচি সমষ্টিত এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...