ৰহাৰ নামগাঁৱত কলং নৈৰ বুকুত অবাধ অবৈধ খনন, নীৰৱ বন বিভাগক লৈ ৰাইজৰ ক্ষোভ

ৰহাৰ নামগাঁৱত কলং নৈৰ বুকুত অব্যাহত আছে অবৈধ মাটি আৰু বালি খনন। একাংশ ভূ-মাফিয়াই দিন-ৰাতি জেচিবিৰে নদীৰ বুকু আৰু পাৰ খান্দি চলাই গৈছে খননকাৰ্য। কিন্তু এই সমগ্ৰ ঘটনা দেখিও নগাঁও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ধৰমটোল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নামগাঁৱত দীৰ্ঘদিন ধৰি চলি আহিছে এই অবৈধ খননকাৰ্য। চৰকাৰৰ বন আৰু নদী সংৰক্ষণৰ পদক্ষেপৰ মাজতে কলং নৈৰ বুকুত চলি থকা এনে কাৰ্যকলাপে নদীখনৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, এই অবৈধ খননৰ বিষয়ে ধৰমটোল আঞ্চলিক বন বিষয়াক অৱগত কৰাৰ পিছতো আজিলৈকে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ফলত বন বিভাগৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সচেতন মহলৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

আনকি ভূ-মাফিয়াৰ সৈতে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অৱশ্যে এই অভিযোগৰ কোনো আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই।

ইফালে, অবাধ খননৰ ফলত কলং নৈৰ পাৰ খহি যোৱাৰ লগতে নদীৰ স্বাভাৱিক গতিপথ আৰু পৰিৱেশতন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। নৈৰ কাষৰীয়া গাঁওসমূহৰ প্ৰতিও ভাবুকি বৃদ্ধি পোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

এনে পৰিস্থিতিত কলং নৈৰ বুকুত চলি থকা অবৈধ খনন শীঘ্ৰে বন্ধ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ আৰু জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে।

এতিয়া প্ৰশ্ন হৈছে, কলং নৈৰ বুকুত চলি থকা এই অবৈধ খনন বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...