ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ তৈল ভাণ্ডাৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোনোৱাল। এই ঘটনাৰ সন্দৰ্ভত দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ মুখ্য পৰিচালন সঞ্চালকৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
টেঙাখাতৰ ITFত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বিষয়ে বিতং তথ্য গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বাৰ্তালাপৰ সময়ত অগ্নিকাণ্ডত আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী লোকৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ অইল কৰ্তৃপক্ষক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অৱহেলা নহয়, তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়।
ইয়াৰ উপৰি, এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ উচিত ক্ষতিপূৰণ প্ৰদানৰ বিষয়টোও অইল কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰে সৰ্বানন্দ সোনোৱালে। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ কাষত থিয় দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
আনহাতে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ লগতে ঘটনাটোৰ আঁৰত থকা সকলো দিশ পোহৰলৈ অনাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পোষকতা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ঘটনাৰ সৈতে জড়িত সকলো তথ্য নিৰপেক্ষভাৱে পৰীক্ষা কৰি দায়বদ্ধতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে, টেঙাখাতৰ এই ভয়ংকৰ অগ্নিকাণ্ডই অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ তৈল উদ্যোগত কৰ্মৰত কৰ্মচাৰীসকলৰ জীৱন আৰু সুৰক্ষাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। এনে পৰিস্থিতিত আহতসকলৰ উন্নত চিকিৎসা, নিহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
