অমিত শ্বাহৰ সৈতে বাকযুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কলৈ আহ্বান ৰাহুলৰ; দলীয় কৰ্মীসকলক ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান ৰাহুল গান্ধীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মাজত ‘ভোট চুৰি’ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগক লৈ চলি থকা বাকযুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি বিতৰ্কলৈ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে।

সংসদত যিকোনো বিষয়ত বিতৰ্কৰ বাবে ৰাহুল গান্ধীক আমন্ত্ৰণ জনাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে অভিযোগ কৰিছিল যে ৰাহুলে ইচ্ছাকৃতভাৱে সংসদৰ পৰা আঁতৰি থাকি ৰাজপথত প্ৰতিবাদ কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

ইয়াৰ প্ৰত্যুত্তৰত শুকুৰবাৰে সামাজিক মাধ্যমৰ জৰিয়তে অমিত শ্বাহক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে। তেওঁ লিখিছে, ‘অমিত শ্বাহজী, অনুগ্ৰহ কৰি মোদীজীক বিপথে পৰিচালিত নকৰিব। কেৱল মোৰ সৈতে ৰাজহুৱাভাৱে বিতৰ্কত বহিবলৈ তেওঁক সন্মত কৰাওক। যিকোনো মঞ্চত, যিকোনো সময়তে বিতৰ্ক কৰিবলৈ মই সাজু। ভয় নকৰিব।’

ইয়াৰ লগতে ৰাহুলে দুটা ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰে। এটা ভিডিঅ’ত অমিত শ্বাহক ‘SIR’ সন্দৰ্ভত সংসদত কোনো বিতৰ্ক নহ’ব বুলি কোৱা শুনা গৈছে। আনটো ভিডিঅ’ত তেওঁ ৰাহুল গান্ধীক সংসদলৈ আহি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে।

ইফালে, শুকুৰবাৰে উত্তৰাখণ্ডৰ দেৰাডুনত অনুষ্ঠিত এখন জনসভাৰ পৰাও ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় অমিত শ্বাহে। তেওঁ দাবী কৰে যে অহা বছৰ উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব।

শ্বাহে ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে তেওঁ পৰ্যটক হিচাপে বাৰে বাৰে উত্তৰাখণ্ডলৈ আহিলেও ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি থকা বুলিও তেওঁ মন্তব্য কৰে।

লগতে ৰাহুল গান্ধীৰ ‘ভোট বচাও যাত্ৰা’ক ‘অনুপ্ৰৱেশকাৰী বচাও যাত্ৰা’ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাগৰাকীৰ মতাদৰ্শ দেশৰ নাগৰিকে গ্ৰহণ কৰা নাই বুলিও মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

আনহাতে, ‘SIR’ আৰু জ্ঞানেশ কুমাৰক কেন্দ্ৰ কৰি ৰাজনৈতিক বাকযুদ্ধ চলি থকাৰ মাজতে কংগ্ৰেছৰ ভিতৰতো সৃষ্টি হৈছে অসন্তুষ্টিৰ পৰিৱেশ।

শেহতীয়াকৈ দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত ‘ইণ্ডিয়া’ শিবিৰৰ সভাত অনুপস্থিত থকাৰ বাবে শাস্তিমূলক ব্যৱস্থা হিচাপে সাতখন ৰাজ্যৰ ১৮৫গৰাকী যুৱ নেতাক নিলম্বন কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। এই সিদ্ধান্তক কেন্দ্ৰ কৰি দলটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত ক্ষোভ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত শুকুৰবাৰে কংগ্ৰেছৰ ‘দিওৱালী মিলন অনুষ্ঠান’ত দলীয় কৰ্মী আৰু কেডাৰসকলক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় ৰাহুল গান্ধীয়ে। তেওঁৰ মতে, দলীয় সংগঠন শক্তিশালী কৰিবলৈ হ’লে সকলো কৰ্মীয়ে একেলগে মিলিজুলি কাম কৰিব লাগিব।

অনুষ্ঠানত দলীয় কৰ্মীসকলক উদ্দেশ্যি ৰাহুলে কয়, ‘সাধাৰণ মানুহৰ সৈতে মিলি দেৱালী উদযাপন কৰক। প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ কাষত থিয় দিয়ক। অমিত শ্বাহৰ দৰে দেৰাডুনৰ বজাৰ আৰু দোকান-পোহাৰ বন্ধ কৰি কোনো জনসভা নকৰিব।’

উল্লেখ্য যে কংগ্ৰেছৰ এই দেৱালী মিলন অনুষ্ঠানত পশ্চিমবংগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি শুভংকৰ সৰকাৰো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

টেঙাখাতত OCSৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩জনলৈ বৃদ্ধি, চিকিৎসাধীন অৱস্থাত মৃত্যু আন দুজন কৰ্মচাৰীৰ

ডিব্ৰুগড়ৰ টেঙাখাতৰ কঁঠালগুৰিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) OCSত সংঘটিত...

ধনতেৰাছৰ নিশা বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা, স্বৰ্ণ ব্যৱসায়ীৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ

ধনতেৰাছৰ নিশা বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱৰ...