ভাল টোপনিৰ বাবে আপুনি কিমান টকা খৰচ কৰিব পাৰে? ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ বিচাৰি জাপানৰ ৪০০ বছৰ পুৰণি বিপণীত বিশেষ গাৰু ক্ৰয় ভাৰতীয় মহিলাৰ

ভাল টোপনিৰ বাবে আপুনি কিমান টকা খৰচ কৰিব পাৰে? ডিঙিৰ বিষত দীৰ্ঘদিন ধৰি ভুগি থকা এগৰাকী ভাৰতীয় মহিলাই কিন্তু ইয়াৰ বাবে খৰচ কৰিলে ৪০ হাজাৰ টকা। তাতোকৈ আমোদজনক কথাটো হ’ল, এটা বিশেষ গাৰু ক্ৰয় কৰিবলৈ তেওঁ ঢাপলি মেলিলে জাপানৰ এখন প্ৰায় ৪০০ বছৰ পুৰণি বিপণীলৈ।

ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট বিপনদীপ কৌৰৰ এই ব্যতিক্ৰমী ক্ৰয়ৰ কাহিনীয়ে। জাপান ভ্ৰমণৰ সময়ত তেওঁ Nishikawa নামৰ এটা জাপানীজ বেডিং ব্ৰেণ্ডৰ পৰা ক্ৰয় কৰে ৪০ হাজাৰ টকীয়া এটা বিশেষভাৱে প্ৰস্তুত কৰা গাৰু।

দীৰ্ঘসময় লেপটপ আৰু মোবাইল ফোনত কাম কৰাৰ ফলত ডিঙিৰ বিষত ভুগি আহিছিল বিপনদীপ। সেয়ে উন্নত টোপনি আৰু আৰামৰ বাবে এই ব্যয়বহুল গাৰুটোক তেওঁ এক বিনিয়োগ হিচাপেই গণ্য কৰিছে।

প্ৰায় ৪০০ বছৰ পুৰণি বিপণীখনত গাৰুটো ক্ৰয় কৰাৰ পূৰ্বে তেওঁ সন্মুখীন হয় এক বিশেষ প্ৰক্ৰিয়াৰ।

কেনেকৈ প্ৰস্তুত কৰা হয় ৪০ হাজাৰ টকীয়া গাৰুটো?

সাধাৰণ গাৰুৰ দৰে বজাৰৰ পৰা পছন্দ অনুসৰি গাৰু এটা ক্ৰয় কৰিব নোৱাৰি ইয়াত। প্ৰথমে বিশেষজ্ঞসকলে গ্ৰাহকৰ ডিঙিৰ আৰু শৰীৰৰ অৱস্থান পৰীক্ষা কৰে।

ইয়াৰ পিছত বিভিন্ন উচ্চতাৰ গাৰুত শুই গ্ৰাহকৰ টোপনিৰ অভ্যাস আৰু শোৱাৰ ভংগীমা পৰীক্ষা কৰে বিশেষজ্ঞসকলে। সকলো জোখ-মাখ সম্পূৰ্ণ হোৱাৰ পিছতহে আৰম্ভ হয় গাৰুটো প্ৰস্তুত কৰাৰ কাম।

এই বিশেষ গাৰুটোৰ আন এক বৈশিষ্ট্য হৈছে ইয়াত ব্যৱহাৰ কৰা ক’লা Binchotan charcoal pipe beads । গাৰুটোৰ ভিতৰৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা বিশেষ দানাবোৰে আৰামদায়ক টোপনি আৰু শৰীৰৰ ভংগীমা অনুসৰি সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়।

৪ নৱেম্বৰত ইনষ্টাগ্ৰামত নিজৰ এই অভিজ্ঞতা শ্বেয়াৰ কৰাৰ পিছতে বিপনদীপৰ ৪০ হাজাৰ টকীয়া গাৰুটোক লৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা।

এটা গাৰুৰ দাম ৪০ হাজাৰ টকা! শুনিবলৈ আচৰিত যেন লাগিলেও বিপনদীপৰ বাবে এয়া বিলাসিতা নহয়, বৰঞ্চ সুস্থিৰ টোপনি আৰু ডিঙিৰ আৰামৰ বাবে কৰা এক বিশেষ খৰচ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ

অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ২৪...

পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ

বেংগালুৰুৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গণহত্যাৰ ঘটনা। পাৰিবাৰিক...