পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ

বেংগালুৰুৰ শ্ৰীৰামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গণহত্যাৰ ঘটনা। পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নীসহ শাহুৱেকৰ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন কেব চালক। অভিযুক্তৰ নাম ইন্দুশেখৰ। ৰাজাজী নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তজনক।

আৰক্ষীৰ তথ্য অনুসৰি, নিহতসকলৰ ভিতৰত আছে অভিযুক্তৰ পত্নী সুনীতা, শাহুৱেক ৰূপৱতী, শহুৰেকৰ পৰিয়ালৰ দুই সদস্য শিৱকুমাৰ আৰু শংকৰ, দুই বোৱাৰী দিব্যা আৰু নলিনী, লগতে সাত বছৰীয়া শিশু পুনীথ। ইতিমধ্যে চিক্কাবল্লাপুৰ জিলাৰ নন্দী হিলছৰ সমীপৰ পৰা পুনীথৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বাকী ৬গৰাকী লোকৰ মৃতদেহৰ সন্ধানত অব্যাহত আছে অভিযান।

প্ৰাথমিক তদন্ত অনুসৰি, প্ৰায় ২০ বছৰ পূৰ্বে সুনীতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ইন্দুশেখৰ। সুনীতাৰ পিতৃগৃহৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্কক কেন্দ্ৰ কৰি দুয়োৰে মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল। এই বিবাদৰ সময়ত মাতৃ আৰু ভাতৃসকলে সুনীতাক সমৰ্থন জনোৱাৰ বাবে অভিযুক্ত ক্ষুব্ধ হৈ পৰিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীৰ সন্দেহ, হত্যাকাণ্ডৰ পৰিকল্পনা পূৰ্বৰে পৰা কৰিছিল অভিযুক্তই। প্ৰথমে নিজ বাসগৃহত শিলৰ শিল-পটাৰে আঘাত কৰি পত্নী সুনীতাক হত্যা কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। ইয়াৰ পিছতে সুনীতাই বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ যোৱা বুলি পৰিয়ালৰ লোকক জনাইছিল অভিযুক্তই, যাতে ঘটনাক লৈ সন্দেহৰ সৃষ্টি নহয়।

ইয়াৰ পিছত সুৰাপান কৰাৰ অজুহাতেৰে দুই শহুৰেকৰ ভাতৃ শিৱকুমাৰ আৰু শংকৰক নিজৰ ঘৰলৈ মাতি আনি হত্যা কৰাৰ অভিযোগ উঠিছে। একেদৰে তেওঁলোকৰ পত্নী দিব্যা আৰু নলিনী, শাহুৱেক ৰূপৱতী আৰু শিশু পুনীথকো হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

নলিনীৰ সন্ধান নোপোৱাত তেওঁৰ মাতৃয়ে শ্ৰীমৰমপুৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। তদন্তৰ সময়ত ইন্দুশেখৰৰ বক্তব্যত অসংগতি ধৰা পৰাত আৰক্ষীৰ সন্দেহ ঘনীভূত হয়। অভিযুক্তৰ বাসগৃহত তালাচী চলাই হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত কিছু তথ্য-প্ৰমাণ লাভ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰই দাবী কৰিছে। মৃতদেহসমূহ নন্দী হিলছৰ আশে-পাশে বিভিন্ন স্থানত পেলাই থোৱাৰ তথ্যও লাভ কৰিছে তদন্তকাৰী দলে। বৃহস্পতিবাৰে অভিযুক্তক উক্ত অঞ্চললৈ লৈ যোৱাৰ পিছত প্ৰায় চাৰি ঘণ্টাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় সাত বছৰীয়া পুনীথৰ মৃতদেহ।

হত্যাকাণ্ডৰ পিছত অভিযুক্তই তেজৰ দাগ পৰিষ্কাৰ কৰাৰ লগতে অপৰাধত ব্যৱহৃত শিল-পটাও ধুই পেলোৱাৰ অভিযোগ উঠিছে। মৃতদেহসমূহ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা এখন বাহনো আৰক্ষীয়ে জব্দ কৰিছে।

ঘটনাৰ তদন্তৰ তদাৰক কৰিছে পশ্চিম সংমণ্ডলৰ যুটীয়া আৰক্ষী আয়ুক্ত বংশী কৃষ্ণ আৰু উত্তৰ সংমণ্ডলৰ ডিচিপি নেমাগৌড়াই। বাকী মৃতদেহসমূহ উদ্ধাৰ আৰু অপৰাধৰ সৈতে জড়িত অধিক তথ্য সংগ্ৰহৰ বাবে তিনিগৰাকী সহকাৰী আৰক্ষী আয়ুক্তক লৈ বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।

আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, অভিযুক্ত ইন্দুশেখৰে ‘থানা বাৰাদি’ নামৰ এখন বাতৰি কাকত চলাইছিল আৰু বিগত আঠ বছৰ ধৰি ভাষ্যম চাৰ্কলৰ সমীপৰ এটা ভাড়াঘৰত বাস কৰিছিল। বাসগৃহৰ মালিকৰ সৈতে অভিযুক্তৰ বিবাদৰ অভিযোগো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে। ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ

অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ২৪...