জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য, “ন্যায়ালয়ে দিয়া ৰায় আমি সকলোৱে সন্মান কৰিব লাগিব।” লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা আৰু ন্যায়াধীশে কোৱা কথা একে হ’ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কোৱা কথাত ন্যায়াধীশে গুৰুত্ব দিব নে নাই, সেয়া আদালতৰ নিজস্ব বিষয় বুলিও মন্তব্য কৰে তেওঁ।
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ১৫৯গৰাকী সাক্ষীৰ ভিতৰত এজনেও আদালতত অমৃতপ্ৰভাৰ নাম উল্লেখ কৰা নাই। আৰক্ষীৰ সন্মুখত দিয়া বক্তব্য আদালতত একেদৰে নক’বও পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বহু সাক্ষীয়ে আদালতত কিছুমান কথা উল্লেখ কৰা নাই। অৱশ্যে বাহিৰত তেওঁলোকক সেই কথা জনাইছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কাঠগড়াত সাক্ষীয়ে কি বক্তব্য দিছে, সেয়া তেওঁলোকৰ নিজস্ব বিষয় বুলিও স্পষ্ট কৰে।
আনহাতে, আন্দোলনৰ নেতৃত্ব দিয়া এগৰাকী সাক্ষীয়ে আদালতত জুবিন গাৰ্গৰেই ভুল বুলি কোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। গোচৰটোৰ শুনানি ৩০ নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই কথা ছলিচিটৰ জেনেৰেলে তেওঁক জনোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে, আদালতে জামিন প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যোৱাৰ ভাবুকি দিয়া একাংশ লোকৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে এই সন্দৰ্ভত আইনী দলক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দি বিষয়টো উচ্চতম ন্যায়ালয়তো অৱগত কৰিব বুলি কয় তেওঁ। সাহস থাকিলে উচ্চতম ন্যায়ালয়লৈ গৈ ধৰ্ণা দিবলৈও প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
জুবিন গাৰ্গৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বাবেই অভিযোগনামাত সেই বিষয়টো উল্লেখ কৰা হোৱা নাই নেকি বুলি উত্থাপিত প্ৰশ্নৰো উত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে।
