ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া তিনিআলিত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাৰ পাছত খেদি খেদি আটক কৰে দুজন সৰবৰাহকাৰীক।
ধুবুৰী আৰু ছাগলীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে সংঘটিত হয় এই ঘটনা। অৱশ্যে আৰক্ষীৰ গুলীত কোনো লোক হতাহত হোৱা নাই।
অভিযানত ধৃত দুই সৰবৰাহকাৰীৰ পৰা ৭৪০টা য়াবা টেবলেট আৰু ১২ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। আটকাধীন এজন সৰবৰাহকাৰীক নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
