তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত জিলাখনৰ দুটা পৰীক্ষা কেন্দ্ৰত আৰক্ষীয়ে বৃহৎ অভিযান চলায়।
বালুগাদাস্থিত ভাৱতী ভগৱান ডি এ ভি শিক্ষা নিকেতন আৰু ন-পুখুৰীস্থিত বৰ্দ্ধমান ইংলিছ একাডেমি স্কুলত চলোৱা এই অভিযানত দুয়োটা কেন্দ্ৰৰ অধ্যক্ষ ৰাঘৱ প্ৰসাদ ৰায় আৰু অজিত জৈনৰ লগতে কেইবাগৰাকী শিক্ষক আৰু শিক্ষাৰ্থীক আটক কৰে আৰক্ষীয়ে।
অভিযানকালত লেপটপ, প্ৰিণ্টাৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। কেইবাঘণ্টাজোৰা অভিযানত NIOSৰ সৈতে জড়িত এটা বৃহৎ চক্ৰৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য এতিয়াও প্ৰকাশ পোৱা নাই।
