পথ দুৰ্ঘটনাত অকাল মৃত্যু শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পল্লৱ শইকীয়া, পল্লৱ শইকীয়াক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ‘সাংগঠনিক শ্বহীদ’ ঘোষণা

শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পল্লৱ শইকীয়াক সংগঠনটোৱে ‘সাংগঠনিক শ্বহীদ’ হিচাপে ঘোষণা কৰিছে।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লৈছিল ছাত্ৰ নেতাগৰাকীয়ে। তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে জিলাখনৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

বৃহস্পতিবাৰে পল্লৱ শইকীয়াৰ নশ্বৰ দেহ আমগুৰিৰ অভয়পুৰীয়া গাঁৱত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰিয় নেতাগৰাকীৰ শেষ দৰ্শনৰ বাবে অসংখ্য লোকৰ সমাগম ঘটে।

এই সময়ছোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ৰাইজৰ দল, আটাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে পল্লৱ শইকীয়াৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমগুৰিৰ যুৱ সমাজেও নেতাগৰাকীক শেষ বিদায় জনায়।

এজন সক্ৰিয় ছাত্ৰ নেতা হিচাপে সংগঠনৰ কাম-কাজত জড়িত হৈ থকা পল্লৱ শইকীয়াৰ আকস্মিক বিয়োগে ছাত্ৰ সংগঠনটোৰ লগতে বৃহত্তৰ আমগুৰি অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ, বিদায় জনালে পৰ্তুগালৰ ৭ নম্বৰ জাৰ্চিক

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ...

ডিগবৈৰ ঔগুৰিত ডাইনী সন্দেহত বৃদ্ধা মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ, গ্ৰেপ্তাৰ তিনিগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঔগুৰি গাঁৱত ডাইনী সন্দেহক কেন্দ্ৰ কৰি...

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ ভয়াৱহ বিমান আক্ৰমণ, নিহত কমেও ৪০জন; ধ্বংসাৱশেষৰ তলত আবদ্ধ বহু সংখ্যক লোক

ইউক্ৰেইনৰ দক্ষিণ-পূব অঞ্চলৰ জাপোৰিঝিয়াৰ কমিছুভাখা (Komyshuvakha) গাঁৱৰ এটা সাহায্য...