আটক আৰু গ্ৰেপ্তাৰৰ মাজত সময়ৰ পাৰ্থক্য দেখুৱাই আৰক্ষীয়ে কোনো ব্যক্তিক ২৪ ঘণ্টাতকৈ অধিক সময় নিজৰ জিম্মাত ৰাখিব নোৱাৰিব। গ্ৰেপ্তাৰ হোৱা ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ সাংবিধানিক সময়সীমাক লৈ এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।
বৃহস্পতিবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু অতুল এছ চন্দুৰকাৰৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে, কোনো ব্যক্তিক আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে আটক কৰাৰ মুহূৰ্তৰ পৰাই ২৪ ঘণ্টাৰ সময়সীমা গণনা কৰা হ’ব। আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ ঘোষণা কৰাৰ সময়ৰ পৰা এই সময়সীমা আৰম্ভ হ’ব বুলি গণ্য কৰিব নোৱাৰিব।
সংবিধানৰ ২২(২) অনুচ্ছেদ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ৫৬নং ধাৰাৰ কথা উল্লেখ কৰি বিচাৰপীঠে কয় যে, আটক আৰু গ্ৰেপ্তাৰৰ মাজত কৃত্ৰিম পাৰ্থক্য সৃষ্টি কৰি আৰক্ষীয়ে সাংবিধানিক বাধ্যবাধকতা এৰাই চলিব নোৱাৰে।
ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে, আটক কৰা স্থানৰ পৰা সংশ্লিষ্ট দণ্ডাধীশৰ আদালতলৈ লৈ যোৱাত প্ৰয়োজন হোৱা যাত্ৰাৰ সময়খিনিহে ২৪ ঘণ্টাৰ হিচাপৰ পৰা বাদ দিব পাৰিব। তদন্ত, জেৰা, তালাচী অথবা অন্যান্য অনুসন্ধানৰ নামত আনুষ্ঠানিক গ্ৰেপ্তাৰৰ পূৰ্বে পাৰ হোৱা সময় বাদ দিয়াৰ কোনো অৱকাশ নাই।
উল্লেখ্য যে, সংবিধানৰ ২২(২) অনুচ্ছেদ অনুসৰি গ্ৰেপ্তাৰ আৰু আৰক্ষীৰ জিম্মাত থকা প্ৰতিগৰাকী ব্যক্তিক যাত্ৰাৰ বাবে প্ৰয়োজনীয় সময় বাদ দি ২৪ ঘণ্টাৰ ভিতৰত নিকটৱৰ্তী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাটো বাধ্যতামূলক।
ইয়াৰ পূৰ্বে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ আৰ্যমান পট্টনায়ক গোচৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কন্নন গোচৰ আৰু কেৰালা উচ্চ ন্যায়ালয়ৰ অৰুণ কে থমাছ গোচৰত গ্ৰেপ্তাৰৰ পূৰ্বে আটক কৰি ৰখা সময় ২৪ ঘণ্টাৰ হিচাপৰ পৰা বাদ দিয়াৰ অনুমতি দিয়া হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই ব্যাখ্যাৰ সৈতে একমত প্ৰকাশ কৰা নাই।
আনহাতে, নিৰ্ধাৰিত ২৪ ঘণ্টাৰ সময়সীমা অতিক্ৰম কৰাৰ পাছতো কোনো ব্যক্তিক দণ্ডাধীশৰ সন্মুখত হাজিৰ নকৰিলে তেওঁক তৎক্ষণাৎ মুকলি কৰি দিব লাগিব বুলিও স্পষ্ট কৰিছে শীৰ্ষ আদালতে।
কেৱল সেয়াই নহয়, দণ্ডাধীশসকলকো আটক কৰাৰ প্ৰকৃত তাৰিখ আৰু সময় নথিভুক্ত কৰাৰ লগতে ২৪ ঘণ্টাৰ সাংবিধানিক নিয়ম মানি চলা হৈছে নে নাই, সেয়া স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে বিচাৰপীঠে। কোনো ব্যক্তিক অযুক্তিকৰভাৱে অধিক সময় আটক কৰি ৰখা হৈছে বুলি বিবেচিত হ’লে দণ্ডাধীশে আৰক্ষীৰ জিম্মাত দিয়াৰ আবেদন নাকচ কৰিব পাৰিব।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে আৰক্ষীৰ জিম্মাত ৰখাৰ ক্ষেত্ৰত সাংবিধানিক সময়সীমা মানি চলা আৰু ব্যক্তিৰ স্বাধীনতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে।
