কি হৈছে মানুহৰ? ডাইনীৰ সন্দেহতেই এগৰাকী মহিলাক হত্যা মস্তিষ্কহীন একাংশৰ

বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানৱ জাতিক বহুদূৰ আগুৱাই নিলেও ক’ৰবাতে যেন ৰৈ গৈছে একাংশৰ মানসিকতা। এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহিব পৰা নাই একাংশ লোক। তাৰ ফলস্বৰূপে সময়ে সময়ে সংঘটিত হৈ আহিছে ভয়ংকৰ ঘটনা। মস্তিষ্কহীন একাংশ লোকৰ কাণ্ডত লজ্জিত হৈ আহিছে সমগ্ৰ মানৱ সমাজ। তেনে এক ঘটনাই এইবাৰ জোকাৰি গৈছে ৰাজ্য। ডাইনীৰ সন্দেহত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এগৰাকী মহিলাক। ঘটনাৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ।

মৃত্যু এতিয়া সহজ! সামান্য অজুহাততেই কিম্বা নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই একাংশই নিঃসংকোচে হত্যা কৰিব পাৰে কাৰোবাক। ৰাজ্য জোকাৰি যোৱা এটা ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে সেই কথা। ৰাজ্যত পুনৰল সংঘটিত হৈছে ডাইনীকাণ্ড। ডিগবৈৰ ঔগুৰিত ডাইনীৰ সন্দেহতেই একাংশ মানৱৰূপী দানৱে প্ৰাণ ল’লে এগৰাকী মহিলাৰ। ১ নৱেম্বৰত সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনা। স্থানীয় লোকে ঘটনা গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিতেই ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰে জড়িত তিনিগৰাকীকৈ মহিলাক।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গীতে-মাতে সুধাকণ্ঠক স্মৰণ, ৰাজ্যজুৰি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু বাৰ্ষিকী পালন

আজি বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু...

ওদালগুৰিৰ UCO বেংকত চাঞ্চল্যকৰ ঘটনা। গ্ৰাহকৰ একাউণ্টৰ পৰা হৰলুকি ৯.৬৮ লাখ টকা

ওদালগুৰি জিলাৰ মাজবাটস্থিত UCO বেংকত এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা...

ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনি চাইবাৰ অপৰাধী, উদ্ধাৰ ১২খন ATM কাৰ্ডসহ নগদ ধন

হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল তিনিজন সন্দেহযুক্ত...