কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ধৰ্ষণ আৰু POCSO গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে ৫ বছৰলৈ বৃদ্ধি ফাষ্ট ট্ৰেক আদালতৰ ম্যাদ

ধৰ্ষণ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ লক্ষ্যৰে ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) আঁচনিৰ ম্যাদ পুনৰ পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই আঁচনি ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০৩১ চনৰ ৩১ মাৰ্চলৈ অব্যাহত ৰখাৰ অনুমোদন জনোৱা হয়।

এই আঁচনিৰ বাবে মুঠ ৩,৭৮৮.০৪ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰে ২,৩৫৩.১৫ কোটি টকা আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে ১,৪৩৪.৮৯ কোটি টকা বহন কৰিব। কেন্দ্ৰীয় চৰকাৰৰ অংশৰ ধন নিৰ্ভয়া পুঁজিৰ পৰা যোগান ধৰা হ’ব।

অনুমোদিত আঁচনি অনুসৰি, দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বৰ্তমানৰ ৭৭৯খন ফাষ্ট ট্ৰেক বিশেষ আদালতৰ সংখ্যা বৃদ্ধি কৰি ৮৫০খন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিতৰত শিশুৰ বিৰুদ্ধে যৌন অপৰাধ প্ৰতিৰোধ আইন (POCSO Act), ২০১২ৰ অধীনৰ গোচৰসমূহৰ বিচাৰৰ বাবে থাকিব বিশেষ আদালত।

প্ৰতিখন আদালতৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা আৰু গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে এগৰাকী ন্যায়িক বিষয়া, এগৰাকী বিশেষ চৰকাৰী অধিবক্তা (Special Public Prosecutor) আৰু ৬গৰাকী সহায়ক কৰ্মচাৰী নিয়োগৰ ব্যৱস্থা থাকিব। লগতে আদালতসমূহৰ পৰিচালন ব্যয় বহনৰ বাবে অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ মতে, এই আঁচনিৰ মূল উদ্দেশ্য হৈছে ধৰ্ষণ আৰু POCSO আইনৰ অধীনত বিচাৰাধীন হৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰাৰ লগতে ভুক্তভোগীসকলক সময়মতে ন্যায় প্ৰদান কৰা। বিশেষকৈ মহিলা আৰু শিশুৰ বাবে আদালতত এক ভুক্তভোগীবান্ধৱ আৰু শিশুবান্ধৱ পৰিৱেশ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ইয়াৰ অংশ হিচাপে স্পৰ্শকাতৰ সাক্ষীৰ বক্তব্য গ্ৰহণৰ বাবে বিশেষ কেন্দ্ৰ (Vulnerable Witness Deposition Centres) আৰু শিশুবান্ধৱ আদালতৰ ব্যৱস্থা উৎসাহিত কৰা হ’ব।

আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব ন্যায় বিভাগে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি পালন কৰিব। FTSC ডেশ্বব’ৰ্ড, নিয়মীয়া প্ৰতিবেদন আৰু সংশ্লিষ্ট উচ্চ ন্যায়ালয় তথা ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে আদালতসমূহৰ কাম-কাজ নিৰীক্ষণ কৰা হ’ব।

উল্লেখ্য যে, ২০১৮ চনৰ ফৌজদাৰী আইন (সংশোধনী) আইনৰ পৰিপ্ৰেক্ষিতত আৰু ২০১৯ চনৰ ২৫ জুলাইত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত ২০১৯ চনৰ ২ অক্টোবৰত এই আঁচনি আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত এবছৰৰ বাবে আৰম্ভ কৰা আঁচনিখনৰ ম্যাদ পৰৱৰ্তী সময়ত ২০২৬ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছিল।

এতিয়া পুনৰ পাঁচ বছৰৰ বাবে আঁচনিখনৰ অনুমোদনে দেশৰ ন্যায়িক ব্যৱস্থাত ধৰ্ষণ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰসমূহৰ ক্ষিপ্ৰ বিচাৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে...