শ্বিলং চেৰী ব্লছম ফেষ্টিভেল কেতিয়া? কেনেকৈ টিকট ক্ৰয় কৰিব পাৰি?

প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ আৰু মনোমোহা পৰিৱেশৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মেঘালয়ৰ ৰাজধানী শ্বিলং। বিশেষকৈ নৱেম্বৰ মাহত শ্বিলঙৰ পাহাৰ আৰু উপত্যকাসমূহ গোলপীয়া ৰঙৰ চেৰী ফুলেৰে ভৰি পৰে। এই মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যক উদ্‌যাপন কৰিবলৈ প্ৰতিবছৰে অনুষ্ঠিত হয় জনপ্ৰিয় ‘শ্বিলং চেৰী ব্লছম ফেষ্টিভেল’।

২০২৬ বৰ্ষৰ এই উৎসৱ অহা ২০ আৰু ২১ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। সংগীত, নৃত্য, খাদ্য, ফেশ্বন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে এইবাৰৰ উৎসৱ অধিক আকৰ্ষণীয় কৰি তোলাৰ প্ৰস্তুতি চলিছে।

এই উৎসৱ কেৱল সংগীতানুষ্ঠানতে সীমাবদ্ধ নহয়। মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য, পৰম্পৰা, সংস্কৃতি আৰু পৰ্যটনক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰো এক বিশেষ মঞ্চ হিচাপে পৰিগণিত হৈছে চেৰী ব্লছম ফেষ্টিভেল।

মূল উৎসৱ আৰম্ভ হোৱাৰ এদিন পূৰ্বে, অৰ্থাৎ ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় সংগীত সন্মিলন (International Music Summit)। India International Music Weekৰ সহযোগত আয়োজন কৰা এই সন্মিলনত দেশ-বিদেশৰ সংগীত জগতৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

এইবাৰৰ উৎসৱৰ অন্যতম আকৰ্ষণ হ’ব আমেৰিকাৰ জনপ্ৰিয় সংগীতশিল্পী নেলী আৰু খালিদ। ইয়াৰ উপৰি আন কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় শিল্পীসকলেও নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব।

এইবাৰৰ চেৰী ব্লছম ফেষ্টিভেলৰ আন এক বিশেষ আকৰ্ষণ হৈছে ‘চেৰী ব্লছম ফিট চেক’ (Cherry Blossom Fit Check) নামৰ ফেশ্বন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে মুঠ ২০ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ লগতে দৰ্শকৰ বাবে থাকিব ৰেড বুল ফেন জ’ন, মিক্সড মাৰ্শ্বেল আৰ্টছ (MMA), আৰ্ম ৰেছলিং আৰু কছপ্লেৰ দৰে বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচী।

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল বৰ্তমান কেৱল সংগীত আৰু মনোৰঞ্জনৰ উৎসৱ হৈ থকা নাই। মেঘালয়ৰ পৰ্যটন উদ্যোগ আৰু স্থানীয় অৰ্থনীতিৰ বিকাশতো এই উৎসৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

এই উৎসৱৰ জৰিয়তে স্থানীয় শিল্পী, হোটেল ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান উপকৃত হয়। দেশ-বিদেশৰ পৰা অহা পৰ্যটকৰ ফলত শ্বিলঙৰ পৰ্যটন উদ্যোগতো যথেষ্ট ইতিবাচক প্ৰভাৱ পৰে।

উল্লেখ্য যে, ২০২৫ চনত এই উৎসৱে EEMAX Global-ৰ ‘মিউজিক ফেষ্টিভেল অৱ দ্য ইয়েৰ’ (Music Festival of the Year) বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

কেনেকৈ লাভ কৰিব টিকট?

এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আগতীয়াকৈ টিকট ক্ৰয় কৰিব লাগিব। উৎসৱৰ কোনটো দিনত অংশগ্ৰহণ কৰিব বিচাৰে, সেই অনুসৰি শ্বিলং চেৰী ব্লছম ফেষ্টিভেলৰ চৰকাৰী ৱেবছাইটত টিকটৰ উপলব্ধতা আৰু বুকিঙৰ তথ্য চাব পাৰিব।

নৱেম্বৰ মাহত শ্বিলং ভ্ৰমণৰ পৰিকল্পনা কৰা পৰ্যটকসকলৰ বাবে এই দুদিনীয়া উৎসৱ এক বিশেষ আকৰ্ষণ হৈ পৰিব বুলি আশা কৰা হৈছে। প্ৰকৃতিৰ মনোমোহা ৰূপৰ লগতে সংগীত, সংস্কৃতি আৰু বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীৰ সমাহাৰেৰে এইবাৰৰ চেৰী ব্লছম ফেষ্টিভেলে পৰ্যটকক নতুন অভিজ্ঞতা প্ৰদান কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ! ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

৪৮ বছৰ ধৰি পানী খোৱা নাই বিশ্বৰ অন্যতম ধনকুবেৰ ৱাৰেন বাফেটে! পানীৰ সলনি কি পান কৰে তেওঁ?

বিশ্বৰ অন্যতম ধনকুবেৰ তথা প্ৰখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটৰ খাদ্যাভ্যাসক...

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতলৈ শোকৰ বতৰা, অভিনেতা অপু অনিৰুদ্ধৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ...