বৰ্তমানৰ নতুন প্ৰজন্মৰ মাজত শাৰীৰিক সক্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে। জেন জি (Gen Z) আৰু জেন আলফা (Gen Alpha) প্ৰজন্মৰ খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম আৰু ফিটনেছৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰি তেওঁ শিশুসকলক সৰুৰে পৰাই সুস্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে।

বৰ্তমান কম বয়সতে শিশুসকলৰ মাজত ফেটি লিভাৰ, ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। অত্যধিক ফাষ্ট ফুড, জাংক ফুড আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ইয়াৰ অন্যতম কাৰণ। এই পৰিস্থিতিয়ে ভৱিষ্যতে অধিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিছে ধোনিয়ে।
ধোনিৰ মতে, আগৰ প্ৰজন্মৰ খাদ্যাভ্যাস আৰু দৈনন্দিন জীৱনশৈলীৰ মাজত এক বিশেষ সামঞ্জস্য আছিল। ভাৰতীয় পৰম্পৰাগত খাদ্যত কাৰ্বহাইড্ৰেটৰ পৰিমাণ অধিক আছিল যদিও মানুহে দৈনন্দিন জীৱনত যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰিছিল। কিন্তু বৰ্তমানৰ প্ৰজন্মৰ খাদ্যাভ্যাসৰ বিশেষ পৰিৱৰ্তন নহ’লেও শাৰীৰিক সক্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে।
তেওঁ লগতে কয় যে ভাৰতত ফাষ্ট ফুডৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ অত্যধিক চেনি আৰু ভজা খাদ্য খোৱাৰ প্ৰৱণতাও বাঢ়িছে। বিশেষকৈ যিসকল লোকে নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম নকৰে, তেওঁলোকৰ বাবে এনে খাদ্যাভ্যাস যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে।
সৰুৰে পৰাই খেলাধূলাৰ অভ্যাস গঢ়ি তোলাৰ পৰামৰ্শ
নতুন প্ৰজন্মৰ এই সমস্যা দূৰ কৰিবলৈ ধোনিয়ে বিদ্যালয়ৰ বিভিন্ন খেল-ধেমালিত শিশুসকলক অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁৰ মতে, খেলাধূলা কৰিবলৈ খেলুৱৈ হোৱাৰ প্ৰয়োজন নাই। নিয়মীয়াকৈ খেলাধূলা কৰিলে শৰীৰৰ শক্তি আৰু সক্ষমতা বজাই ৰখাত সহায় হয়।
সৰুৰে পৰাই শৰীৰচৰ্চা আৰু খেলাধূলাৰ অভ্যাস গঢ়ি তুলিলে ৩০-৩৫ বছৰ বয়স পাৰ হোৱাৰ পাছতো ইয়াৰ সুফল লাভ কৰিব পাৰি বুলি তেওঁ মত প্ৰকাশ কৰিছে।
ধোনিৰ মতে, প্ৰতিটো দিনৰ ২৪ ঘণ্টাৰ ভিতৰত অন্ততঃ এঘণ্টা সময় নিজৰ শৰীৰৰ বাবে উলিওৱা উচিত। কেৱল শাৰীৰিক পৰিশ্ৰম কৰাই নহয়, স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তোলাটোও সমানেই গুৰুত্বপূৰ্ণ।

তেওঁৰ মতে, খেলাধূলাই কেৱল শৰীৰ সুস্থ কৰি নাৰাখে, জীৱনৰ বহু গুৰুত্বপূৰ্ণ শিক্ষাও প্ৰদান কৰে। খেলপথাৰত জয়-পৰাজয় দুয়োটাকে কেনেদৰে গ্ৰহণ কৰিব লাগে, সফলতাৰ সময়ত নিজৰ আৱেগ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে আৰু দলীয় মনোভাবেৰে কেনেদৰে কাম কৰিব লাগে, সেই শিক্ষাও খেলাধূলাৰ জৰিয়তে লাভ কৰিব পাৰি।
সেয়েহে শিশুসকলৰ সুস্থ ভৱিষ্যতৰ বাবে সৰুৰে পৰাই খেলাধূলা, শৰীৰচৰ্চা আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।
