মাজুলীৰ দুৰ্গম চানং গাঁৱৰ পৰা মেলব’ৰ্ণলৈ ছেমুৱেলৰ সপোনৰ উৰণ; ২০২৭ৰ অষ্ট্ৰেলিয়ান অ’পেনত বল কিড হিচাপে নিৰ্বাচিত অসমৰ ছেমুৱেল দলে

দুৰ্গম গাঁৱৰ পৰা বিশ্ব ক্ৰীড়াৰ মঞ্চলৈ। মাজুলীৰ চানং গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ছেমুৱেল দলেৰ জীৱনলৈ আহিছে এক বিশেষ সফলতা। ২০২৭ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেনত বল কিড হিচাপে নিৰ্বাচিত হৈছে মাজুলীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছেমুৱেল দলে। ভাৰতৰ পৰা নিৰ্বাচিত মাত্ৰ চাৰিগৰাকী কিশোৰ-কিশোৰীৰ ভিতৰত স্থান লাভ কৰিছে ছেমুৱেলে।

বাট-পথৰ দুৰৱস্থা, যাতায়াতৰ বাবে হাত নাৱৰ ওপৰত নিৰ্ভৰশীলতা আৰু আৰ্থিক অভাৱৰ মাজতো সপোন দেখিবলৈ এৰা নাছিল ছেমুৱেলে। মাজুলীৰ কুলামুৱাস্থিত হামিং বাৰ্ড বিদ্যালয়ত অধ্যয়ন কৰা ছেমুৱেলে শৈশৱৰ পৰাই বহু প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছিল।

ছেমুৱেলৰ পিতৃ বিপুল দলেয়ে কৃষিকৰ্মৰ লগতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে। আনহাতে, মাতৃ ইন্দ্ৰাৱতী দলেয়ে চম্ভালে ঘৰখনৰ দায়িত্ব। সীমিত আৰ্থিক সামৰ্থ্যৰ মাজতো সন্তানৰ সপোন পূৰণৰ বাবে পিতৃ-মাতৃয়ে কৰি আহিছে অহৰহ ত্যাগ আৰু সংগ্ৰাম।

উল্লেখ্য যে, কেইবছৰমান পূৰ্বলৈকে টেনিছ খেলৰ বিষয়ে বিশেষ ধাৰণা নাছিল ছেমুৱেলৰ। ২০২৪ চনলৈকে তেওঁ মাৰ্শ্বেল আৰ্টছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত টেনিছৰ প্ৰতি আগ্ৰহী হৈ উঠা ছেমুৱেলে হামিং বাৰ্ড বিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিৰ্বাচিত হয়।

ইয়াৰ পিছতে ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ৰোহন বোপান্নাৰ তত্ত্বাৱধানত বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু কঠোৰ অনুশীলনৰ মাজেৰে আগবাঢ়ি এই সাফল্য অৰ্জন কৰে ছেমুৱেলে।

২০২৭ৰ অষ্ট্ৰেলিয়ান অ’পেনত নোভাক জকোভিচ, কাৰ্লোছ আলকাৰাজ, জান্নিক ছিনাৰ, আলেকজেণ্ডাৰ জেভেৰেভ, কোকো গফ, নাওমি ওছাকা আৰু এলেনা ৰাইবাকিনাৰ দৰে বিশ্বৰ আগশাৰীৰ টেনিছ তাৰকাৰ কাষত থাকি বল কিড হিচাপে দায়িত্ব পালন কৰাৰ লগতে গ্ৰেণ্ড শ্লেমৰ অভিজ্ঞতা আহৰণৰ সুযোগ লাভ কৰিব মাজুলীৰ এইগৰাকী কিশোৰে।

ছেমুৱেলৰ এই সফলতা কেৱল তেওঁৰ ব্যক্তিগত জয় নহয়, বৰঞ্চ পিতৃ-মাতৃৰ দীৰ্ঘদিনীয়া ত্যাগ, সংগ্ৰাম আৰু সপোনৰো প্ৰতিফলন। দুৰ্গম গাঁৱৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চলৈ ছেমুৱেলৰ এই যাত্ৰাই মাজুলীৰ লগতে সমগ্ৰ অসমৰ বহু প্ৰতিভাৱান শিশুক নতুনকৈ সপোন দেখিবলৈ প্ৰেৰণা যোগাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্লেন মেক্সৱেলৰ, এতিয়াৰে পৰা খেলিব কেৱল বিগ বেছ লীগ

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ; BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ। BSF-ৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ।...

নেপালৰ মাউণ্ট এভাৰেষ্ট অঞ্চলত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত ভাৰতীয় পৰ্যটকৰ মৃত্যু, আহত ৩

নেপালৰ ছোলুখুম্বু জিলাত মঙলবাৰে পুৱা অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ...