নাবালিকাক বিয়া কৰোৱাৰ দাবীত কাটিগড়াত যুৱকৰ উদ্ভণ্ডালি, পৰিয়ালক হত্যাৰ ভাবুকি! মাতৃৰ উপস্থিত বুদ্ধিত ঘৰৰ পৰাই আৰক্ষীৰ জালত অভিযুক্ত

কাছাৰ জিলাৰ কাটিগড়াৰ তেলিটিকৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সম্পৰ্কীয় এগৰাকী নাবালিকাক বিয়া কৰোৱাৰ দাবীত ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ ভাবুকি অনুপম দাস নামৰ এজন যুৱকৰ। অৱশ্যে নাবালিকাগৰাকীৰ মাতৃৰ উপস্থিত বুদ্ধি আৰু কৌশলৰ ফলত অৱশেষত আৰক্ষীৰ জালত পৰে অভিযুক্ত যুৱকজন।

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত নাবালিকাগৰাকীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল অনুপমে। যুৱকজনৰ হাৰাশাস্তিৰ ফলত অৱশেষত বিদ্যালয়লৈ যোৱাও বন্ধ কৰিবলৈ বাধ্য হয় কিশোৰীগৰাকী।

ঘটনাৰ সূত্ৰপাত হয় সোমবাৰে। অভিযোগ অনুসৰি, সেইদিনা অনুপম দাসে নাবালিকাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ সৈতে বিয়া দিয়াৰ দাবী জনায়। কিন্তু পৰিয়ালৰ লোকে এই দাবীত সন্মতি নিদিয়াত তেওঁ দাৰে ঘপিয়াই পৰিয়ালৰ সকলোকে হত্যা কৰাৰ ভাবুকি দিয়ে।

এনে পৰিস্থিতিত ভয়ত বিচলিত নহৈ নাবালিকাগৰাকীৰ মাতৃয়ে উপস্থিত বুদ্ধিৰ পৰিচয় দিয়ে। অভিযুক্ত যুৱকজনক কৌশলেৰে ঘৰৰ ভিতৰতে বহুৱাই ৰাখি গোপনে কাটিগড়া আৰক্ষী থানাত খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত অনুপম দাসক আটক কৰি থানালৈ লৈ যায়।

এই ঘটনাক কেন্দ্ৰ কৰি তেলিটিকৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী নাবালিকাক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰা আৰু পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোৰ উচিত তদন্তৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ)...

পাম অইল খেতিৰে অসমৰ কৃষি অৰ্থনীতিলৈ নতুন দিগন্তৰ সূচনা দুধনৈৰ হৰকান্ত বসুমতাৰীৰ

পাম অইলৰ খেতিৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা...