চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ) ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিটিচি প্ৰশাসনে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অবৈধভাৱে নতুনকৈ গঢ়ি উঠা নিউ হাতীসাৰ আৰু কৰাইবাৰী নামৰ দুখন গাঁৱৰ বাসিন্দাসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি বেদখলমুক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

আজি দেউশ্ৰীত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, পাৰিষদ নন্দলাল মগৰ, বিটিচিৰ সচিব কৰ্ম দেৱ ব্ৰহ্ম, চিৰাং জিলাৰ আয়ুক্ত গোকুল চন্দ্ৰ ব্ৰহ্ম আৰু চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীসহ জিলা প্ৰশাসন আৰু বন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এই পদক্ষেপ গ্ৰহণ কৰা হয়।

প্ৰশাসনৰ তৰফৰ পৰা বেদখলকাৰী পৰিয়ালসমূহক ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত ভূমি প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালক চাৰিখনকৈ টিনপাত আৰু নগদ ১০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই সুবিধা নিউ হাতীসাৰ গাঁৱৰ ৩০টা আৰু কৰাইবাৰী গাঁৱৰ ৪৫টা, মুঠ ৭৫টা পৰিয়ালে লাভ কৰিব।

এই সন্দৰ্ভত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে কয় যে ৰাজ্যপালে ৰাষ্ট্ৰীয় উদ্যানসমূহ বেদখলমুক্ত কৰাৰ বাবে গঠন কৰি দিয়া সমিতিৰ সিদ্ধান্ত আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ অনুসৰি আজি প্ৰথম পদক্ষেপ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বেদখল আৰু বন ধ্বংসৰ ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত উদ্যানখনৰ ভিতৰত ব্যাপক বেদখলৰ লগতে বনাঞ্চল ধ্বংস হৈছিল। বৰ্তমান সেইসমূহ পুনৰুদ্ধাৰ কৰি পৰিৱেশ সংৰক্ষণৰ কাম আৰম্ভ কৰা হৈছে।

তেওঁ লগতে কয় যে এই পদক্ষেপৰ সৈতে কোনো জাতি-জনগোষ্ঠীৰ বিষয় জড়িত নহয়। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বসবাস কৰা লোকসকলে উদ্যানখনৰ বাহিৰলৈ যাব লাগিব আৰু ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ’ব। অৱশ্যে, লোকসকলক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ উচ্ছেদ কৰা নহয়। উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। বনাঞ্চল সংৰক্ষণৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে।

আনহাতে, পাৰিষদ নন্দলাল মগৰে বনাঞ্চল সংৰক্ষণৰ বাবে বিটিচিৰ বন বিভাগে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়। তেওঁ কয় যে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত বিভাগটোৱে গ্ৰহণ কৰা উদ্যোগ প্ৰশংসনীয়। লগতে বেদখলকাৰী পৰিয়ালসমূহেও এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱাটো আদৰণীয়। সকলো পক্ষৰ সহায়-সহযোগিতাৰে চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানখন বেদখলমুক্ত কৰি সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰে পাৰিষদগৰাকীয়ে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু বনাঞ্চল সংৰক্ষণৰ লক্ষ্যৰে বিটিচি প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপে অঞ্চলটোত বন সংৰক্ষণৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাম অইল খেতিৰে অসমৰ কৃষি অৰ্থনীতিলৈ নতুন দিগন্তৰ সূচনা দুধনৈৰ হৰকান্ত বসুমতাৰীৰ

পাম অইলৰ খেতিৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা...