পাম অইলৰ খেতিৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা দুধনৈৰ কৃষকৰ। দুধনৈৰ আদৰ্শ যুৱ কৃষক হৰকান্ত বসুমতাৰীলৈ ‘অসম গৌৰৱ ২০২৫’। স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দুধনৈৰ বিধায়ক টংকেশ্বৰ ৰাভাক ধন্যবাদ।
২০১৪ত প্ৰায় ১৬০ বিঘা ভূমিত অসমত প্ৰথমে অইল পাম খেতি আৰম্ভ কৰিছিল হৰকান্ত বসুমতাৰীয়ে। পাম অইলৰ খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছিল দুধনৈৰ হৰকান্তই। বৰ্তমান গোৱালপাৰাতেই ২০০ হেক্টৰতকৈও অধিক ভূমিত এই খেতি সম্প্ৰসাৰিত হৈছে।
ৰাজ্যৰ প্ৰায় ১৮খন জিলালৈ বিয়পি পৰিছে এই লাভজনক অইল পামৰ খেতি। বিধায়ক টংকেশ্বৰ ৰাভাৰ প্ৰচেষ্টাত জিলাখনত বহু যুৱকে এই খেতিৰে স্বাৱলম্বী হৈছে। তেওঁৰ এই সফলতাই এতিয়া ৰাজ্যৰ কৃষি খণ্ডত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
