মণিপুৰত পুনৰ গোষ্ঠীগত সংঘৰ্ষ, ২৪ ঘণ্টাত ৫জনৰ মৃত্যু; ২জন কুকি যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদত নামিল হাজাৰ হাজাৰ লোক

২০২৩ চনৰ ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা মণিপুৰত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত পাঁচজন লোকৰ মৃত্যু হৈছে। দুটা পৃথক ঘটনাক কেন্দ্ৰ কৰি কুকি আৰু নগা জনগোষ্ঠীৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পোৱাৰ লগতে প্ৰতিবাদত উত্তাল হৈ পৰিছে বিভিন্ন অঞ্চল।

শনিবাৰে মণিপুৰৰ নোনে জিলাৰ তাজেইকাইফুন গাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ সৈতে হোৱা গুলীয়াগুলীত কুকি জনগোষ্ঠীৰ তিনিজন লোকৰ মৃত্যু হয়। আনহাতে, যোৱা সপ্তাহৰ আৰম্ভণিতে সন্ধানহীন হোৱা দুজন কুকি যুৱকৰ পচি যোৱা মৃতদেহ দেওবাৰে পুৱা কাঙপোকপি জিলাৰ পৰা উদ্ধাৰ কৰা হয়। দুয়োটা ঘটনাতে নগা জনগোষ্ঠীৰ লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে কুকি পক্ষই।

উল্লেখযোগ্য যে, খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰক কেন্দ্ৰ কৰি কুকি আৰু নগা জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কুকি সশস্ত্ৰ সংগঠনসমূহৰ সংঘৰ্ষবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ ফলত কুকি সশস্ত্ৰ সংগঠনসমূহে অস্ত্ৰ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। কিন্তু শেহতীয়াকৈ নগা পক্ষৰ পৰা আক্ৰমণ আৰু নিৰ্যাতন বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে কুকিসকলে।

এই পৰিস্থিতিত সংঘৰ্ষবিৰতি চুক্তি প্ৰত্যাহাৰৰ দাবীত ইম্ফলৰ ৰাজপথত শ শ লোকে প্ৰতিবাদী সমদল উলিয়ায়। শনিবাৰে নোনে জিলাত কুকি-নগা সংঘৰ্ষত তিনিজন লোকৰ মৃত্যুৰ পিছতে পুনৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ কুকি লোক।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, কুকি জনগোষ্ঠীক সন্মুখত ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে নগা জনগোষ্ঠীৰ সৈতে এক ছায়াযুদ্ধ চলাই আহিছে। সেয়েহে কেৱল নামত চলি থকা সংঘৰ্ষবিৰতি চুক্তি বাতিল কৰাৰ দাবী জনাইছে তেওঁলোকে।

ইফালে, শনিবাৰে আক্ৰমণৰ ঘটনা সংঘটিত হোৱা তাজেইকাইফুন গাঁওখন নগা অধ্যুষিত অঞ্চল বুলি জানিব পৰা গৈছে। কুকি ইনপি মণিপুৰ (KIM) নামৰ সংগঠনটোৱে এই আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। সংগঠনটোৰ অভিযোগ, কোনো ধৰণৰ উচটনি অবিহনেই নগা পক্ষই বাৰে বাৰে কুকি লোকৰ ওপৰত আক্ৰমণ চলাই আহিছে। লগতে কুকি-জো জনগোষ্ঠীৰ গাঁওবাসীক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

আনহাতে, যোৱা ২৯ অক্টোবৰত তাফৌ কুকি গাঁৱৰ পৰা সন্ধানহীন হৈছিল ২১ বছৰীয়া টি চংলোই আৰু ২০ বছৰীয়া পাওগিংলাল হাংছিং। দুয়োগৰাকী যুৱকৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে দেওবাৰে পুৱা কাঙপোকপি আৰু সেনাপতি জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ এখন কলাবাৰীৰ পৰা উদ্ধাৰ হয় তেওঁলোকৰ বস্তাবন্দী অৱস্থাত থকা পচি যোৱা মৃতদেহ।

এই ঘটনাক কেন্দ্ৰ কৰি অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। প্ৰতিবাদকাৰী কুকি লোকসকলৰ অভিযোগ, নগা উগ্ৰপন্থীয়ে দুয়োগৰাকী যুৱকক অপহৰণ কৰি হত্যা কৰিছে। ঘটনাৰ প্ৰতিবাদত আৰক্ষী অধীক্ষকৰ বাসগৃহৰ সন্মুখত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াৰ উদ্দেশ্যে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

ইফালে, মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনে ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি সমগ্ৰ বিষয়টোৰ বিস্তৃত তদন্তৰ দাবী জনাইছে। লগতে ঘটনাৰ সৈতে জড়িত দোষীসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে তেওঁ।

আনহাতে, মণিপুৰৰ আনগৰাকী উপ-মুখ্যমন্ত্ৰী তথা নগা জনগোষ্ঠীৰ নেতা লোছী দিখোৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কুকি প্ৰতিবাদকাৰীসকলে।

পুনৰ মণিপুৰত সৃষ্টি হোৱা এই হিংসাত্মক পৰিস্থিতিয়ে ৰাজ্যখনৰ নিৰাপত্তা আৰু শান্তি-শৃংখলাক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন হৈছে, পুনৰ যাতে গোষ্ঠীগত সংঘাত ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যান বেদখলমুক্ত কৰাৰ বিশেষ পদক্ষেপ বিটিচি প্ৰশাসনৰ: ৭৫টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা

ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ দেউশ্ৰীত অৱস্থিত চিকনা জৌহৌলাউ (চিকনাঝাৰ)...

পাম অইল খেতিৰে অসমৰ কৃষি অৰ্থনীতিলৈ নতুন দিগন্তৰ সূচনা দুধনৈৰ হৰকান্ত বসুমতাৰীৰ

পাম অইলৰ খেতিৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা...