দিল্লীৰ পৰা শিলিগুৰি হৈ গুৱাহাটীলৈ সংযোগ স্থাপন কৰিবলগীয়া উত্তৰ বুলেট ট্ৰেইন কৰিড’ৰত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি বাৰাণসীত এই কথা সদৰী কৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত স্লীপাৰ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিবলৈ চহৰখনত উপস্থিত আছিল ৰে’ল মন্ত্ৰীগৰাকী।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিয়া মতে, উত্তৰ বুলেট ট্ৰেইন কৰিড’ৰে উত্তৰ আৰু পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিব। বৰ্তমান দিল্লীৰ পৰা শিলিগুৰিলৈ যাত্ৰা কৰিবলৈ প্ৰায় ২০ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। কিন্তু এই বুলেট ট্ৰেইন সেৱা আৰম্ভ হ’লে সেই যাত্ৰাৰ সময় হ্ৰাস পাই মাত্ৰ ৬ ঘণ্টা হ’ব।
প্ৰায় ১,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্ৰুতবেগী ৰে’ল কৰিড’ৰটো উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰৰ মাজেৰে পাৰ হৈ অসমলৈ সম্প্ৰসাৰিত হ’ব।
এই কৰিড’ৰৰ প্ৰস্তাৱিত গুৰুত্বপূৰ্ণ ষ্টেচনসমূহ হৈছে দিল্লী, আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা, শিলিগুৰি আৰু গুৱাহাটী।
ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বুলেট ট্ৰেইনৰ ভাড়া সাধাৰণ যাত্ৰীৰ বাবে যথেষ্ট সুলভ কৰি ৰখা হ’ব আৰু বিমান যাত্ৰাৰ ভাড়াতকৈ বহু কম হ’ব।
তেওঁৰ মতে, এই দ্ৰুতবেগী ৰে’ল নেটৱৰ্কে ক্ষুদ্ৰ উদ্যোগসমূহৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব। ইয়াৰ ফলত মধ্যবিত্ত পৰিয়াল, যুৱ প্ৰজন্ম আৰু স্থানীয় শিল্পী তথা কাৰিকৰসকল প্ৰত্যক্ষভাৱে উপকৃত হ’ব।
উল্লেখ্য যে, দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইন কৰিড’ৰ সম্প্ৰসাৰিত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ ৰাজধানী তথা উত্তৰ ভাৰতৰ যোগাযোগ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে। বিশেষকৈ অসমৰ পৰ্যটন, ব্যৱসায়-বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এই প্ৰকল্পই নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে।
