বায়ুমণ্ডলত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে গ্ৰীনহাউছ গেছৰ পৰিমাণ! উষ্ণতাই ভংগ কৰিছে এটাৰ পিছত আনটো অভিলেখ, বিশ্ববাসীলৈ সতৰ্কবাণী বতৰ বিজ্ঞান সংস্থাৰ

পৃথিৱীৰ ওপৰত ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে গোলকীয় উষ্ণায়নৰ প্ৰভাৱ। বায়ুমণ্ডলত এটাৰ পিছত আন এটা অভিলেখ ভংগ কৰিছে গ্ৰীনহাউছ গেছৰ ঘনত্বই। ২০২৫ চনত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ গড় ঘনত্বই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। বিশ্ব বতৰ বিজ্ঞান সংস্থা (WMO)-ৰ শেহতীয়া গ্ৰীনহাউছ গেছ সম্পৰ্কীয় প্ৰতিবেদনত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য।

সংস্থাটোৰ মতে, বিগত ১১টা বছৰৰ প্ৰতিটোৱেই বতৰ বিজ্ঞানৰ ইতিহাসৰ উষ্ণতম বছৰসমূহৰ তালিকাত স্থান লাভ কৰিছে। ইয়াৰ ফলত ভৱিষ্যতে গোলকীয় উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধিক ভয়াৱহ হোৱাৰ আশংকা বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, ২০২৫ চনত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ গড় ঘনত্ব প্ৰতি নিযুত বায়ুকণাত ৪২৬.৮ অংশ (PPM)ত উপনীত হৈছে। অৰ্থাৎ বায়ুমণ্ডলৰ প্ৰতি ১০ লাখ অণুৰ ভিতৰত গড়ে ৪২৬.৮টা অণু কাৰ্বন ডাই-অক্সাইডৰ। ১৭৫০ চনৰ প্ৰাক্-ঔদ্যোগিক যুগৰ তুলনাত এই পৰিমাণ ৫৩ শতাংশ অধিক।

একেদৰে মিথেনৰ ঘনত্ব প্ৰতি বিলিয়ন বায়ুকণাত ১,৯৪৮ অংশ আৰু নাইট্ৰাছ অক্সাইডৰ ঘনত্ব ৩৩৯.১ অংশত উপনীত হৈছে। প্ৰাক্-ঔদ্যোগিক যুগৰ তুলনাত এই দুয়োবিধ গেছৰ ঘনত্ব ক্ৰমে ১৬৭ শতাংশ আৰু ২৬ শতাংশ বৃদ্ধি পাইছে।

মানৱীয় কাৰ্যকলাপৰ ফলত নিৰ্গত হোৱা এই দীৰ্ঘস্থায়ী গ্ৰীনহাউছ গেছসমূহে বায়ুমণ্ডলত তাপ আবদ্ধ কৰি ৰাখি পৃথিৱীৰ উষ্ণতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ফলত বানপানী, খৰাং, তাপপ্ৰবাহকে ধৰি বিভিন্ন চৰম বতৰজনিত পৰিঘটনাৰ আশংকাও বৃদ্ধি পাইছে।

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ উপ-মহাসচিব কো বেৰেটে জানিবলৈ দিয়া মতে, কাৰ্বন ডাই-অক্সাইড বায়ুমণ্ডলত দীৰ্ঘদিন ধৰি থাকি যায়। ইয়াৰ প্ৰভাৱ কেৱল কেইবছৰমানলৈ সীমাবদ্ধ নাথাকে, বৰং কেইবাটাও শতিকা ধৰি জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

উল্লেখ্য যে, ২০০৪ চনত সংস্থাটোৱে প্ৰথমটো গ্ৰীনহাউছ গেছ বুলেটিন প্ৰকাশ কৰাৰ সময়ত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ বাৰ্ষিক গড় ঘনত্ব আছিল ৩৭৭.৫ PPM। ১৯৬০ৰ দশকত প্ৰতি বছৰে কাৰ্বন ডাই-অক্সাইডৰ ঘনত্ব গড়ে ০.৮ PPMকৈ বৃদ্ধি পাইছিল। কিন্তু ২০১১ৰ পৰা ২০২০ চনৰ ভিতৰত এই বৃদ্ধিৰ হাৰ প্ৰায় তিনিগুণলৈ বৃদ্ধি পায়।

অৱশ্যে ২০২৪ৰ পৰা ২০২৫ চনলৈ কাৰ্বন ডাই-অক্সাইডৰ ঘনত্ব ২.৮ PPM বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ২০২৩ৰ পৰা ২০২৪ চনলৈ এই বৃদ্ধিৰ পৰিমাণ আছিল ৩.৬ PPM। অৰ্থাৎ শেহতীয়া বৃদ্ধিৰ হাৰ কিছু হ্ৰাস পাইছে।

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মতে, স্থলভাগৰ কাৰ্বন শোষণৰ ক্ষমতা কিছু পৰিমাণে পুনৰুদ্ধাৰ হোৱা আৰু ২০২৫ চনত বনজুইৰ ফলত কাৰ্বন নিৰ্গমন হ্ৰাস পোৱাটো ইয়াৰ সম্ভাৱ্য কাৰণ হ’ব পাৰে। তথাপি বৰ্তমানৰ বৃদ্ধিৰ হাৰো যথেষ্ট উদ্বেগজনক।

সংস্থাটোৰ বিজ্ঞানী অক্সানা তাৰাছোভাই এই সন্দৰ্ভত সতৰ্ক কৰি কয় যে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত ২০২৬ চনতো বায়ুমণ্ডলত গ্ৰীনহাউছ গেছৰ ঘনত্ব বৃদ্ধি অব্যাহত থাকিব পাৰে। শক্তিশালী এল নিনোৰ প্ৰভাৱত স্থলভাগৰ কাৰ্বন শোষণৰ ক্ষমতা হ্ৰাস পাব পাৰে। একে সময়তে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ পানীৰ কাৰ্বন শোষণৰ ক্ষমতাও হ্ৰাস পোৱাৰ আশংকা আছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন (NOAA)-ৰ হিচাপ অনুসৰি, ১৯৯০ৰ পৰা ২০২৫ চনৰ ভিতৰত দীৰ্ঘস্থায়ী গ্ৰীনহাউছ গেছসমূহৰ তাপ আবদ্ধ কৰি ৰখাৰ প্ৰভাৱ ৫৬ শতাংশ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ প্ৰায় ৮১ শতাংশৰ বাবে দায়ী কাৰ্বন ডাই-অক্সাইড।

ইয়াৰ উপৰি প্ৰতিবেদনখনত শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আৰু বৈদ্যুতিক সঁজুলিত ব্যৱহৃত বিভিন্ন গেছৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰা হৈছে। বিশেষকৈ বৈদ্যুতিক সঁজুলিত ব্যৱহৃত ছালফাৰ হেক্সাফ্লুৰাইডৰ ঘনত্ব ২০২৫ চনত অভিলেখ হাৰত বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, এই গেছ বায়ুমণ্ডলত হাজাৰ বছৰতকৈও অধিক সময় বৰ্তি থাকিব পাৰে। ইয়াৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষমতা কাৰ্বন ডাই-অক্সাইডতকৈ প্ৰায় ২৪,৩০০ গুণ অধিক।

আনহাতে, ২০১০ৰ পৰা ২০২৪ চনৰ ভিতৰত বায়ুমণ্ডলত হাইড্ৰজেনৰ ঘনত্ব ৫.৩ শতাংশ বৃদ্ধি পাইছে। হাইড্ৰজেন নিজে গ্ৰীনহাউছ গেছ নহয় যদিও ই বায়ুমণ্ডলৰ ৰাসায়নিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলাই পৰোক্ষভাৱে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাব পাৰে।

সামগ্ৰিকভাৱে বায়ুমণ্ডলত গ্ৰীনহাউছ গেছৰ ক্ৰমবৰ্ধমান ঘনত্বই বিশ্ববাসীৰ বাবে এক ডাঙৰ জলবায়ু সংকটৰ ইংগিত বহন কৰিছে। সেয়েহে কাৰ্বন নিৰ্গমন হ্ৰাস, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিশ্ব বতৰ বিজ্ঞান সংস্থাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‍‍বাইহাটাৰ কমলপুৰৰ শিংৰা-বৰখাহত বিষক্ৰিয়াৰ ঘটনা; মনসা পূজাৰ ভোগ গ্ৰহণ কৰি অসুস্থ শতাধিক পুৰুষ-মহিলা

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কমলপুৰৰ শিংৰা-বৰখাহত সংঘটিত হৈছে...

৩৬খন বিলাসী ভিলা, ৫.৫২ কোটি টকাৰ সম্পত্তি! দুৰ্নীতিৰ অভিযোগত ৰাজস্থানৰ IAS-IPS দম্পতীৰ বিৰুদ্ধে ACBৰ তদন্ত

ৰাজস্থানৰ এগৰাকী জ্যেষ্ঠ IAS বিষয়া শিখৰ আগৰৱালৰ বিৰুদ্ধে নিজৰ...