বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ৷ ‘তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যত ’ মুল বিষয়ক লৈ অনুষ্ঠিত এই আন্তৰ্জাতিক সন্মিলনৰ আজি প্ৰথমদিনা গুৱাহাটীৰ টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানত হোৱা ফৰামত ‘সম্প্ৰদায়, সংস্কৃতি আৰু খিলঞ্জীয়াৰ ভৱিষ্যত’ক লৈ মননশীল আলোচনা কৰা হয়৷

পূব হিমালয়ৰ সাংস্কৃতিক বৈচিত্ৰ, পৰম্পৰাগত জ্ঞান আৰু প্ৰকৃতিৰ সৈতে থলুৱা সম্প্ৰদায়ৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি টাটা ষ্টীল ফাউণ্ডেচনৰ মুখ্য পৰিচালন বিষয়া দেবদূত মহান্তিয়ে কয় যে খিলঞ্জীয়া পৰিচয়েই হৈছে সকলো ব্যক্তি আৰু সমাজৰ ভৱিষ্যৎ গঢ়াৰ ভেটি৷ আনহাতে আমেৰিকাৰ ভাৰতস্থিত পূৰ্ব উচ্ছায়ুক্ত এৰিক গাৰচেটিয়ে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰাটো মানুহৰ সহজাত প্ৰবৃত্তি বুলি উল্লেখ কৰি সমৃদ্ধি, স্বাস্থ্য আৰু সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ কথা ব্যক্ত কৰে৷

দিনটোৰ বিশেষ আকৰ্ষণ আছিল উত্তৰ-পূৱৰ পৰম্পৰাগত শিল্পকলাৰ কৰ্মশালা৷ মৃৎশিল্প, মাজুলীৰ মুখা শিল্প, বাঁহ-বেতৰ শিল্প প্ৰদৰ্শন কৰাৰ লগতে প্ৰাকৃতিক ৰঙেৰে কৰা টাই-এণ্ড-ডাইৰ ওপৰত শিক্ষাৰ্থীক হাতে-কামে প্ৰশিক্ষন প্ৰদান কৰা হয়৷ এই শিল্পকলাই কেৱল সৌন্দৰ্য নহয়, প্ৰকৃতিৰ সম্পদৰ বহনক্ষম ব্যৱহাৰ আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা জ্ঞানৰ প্ৰতিফলন বুলিও আলোচনাত উল্লেখ কৰা হয়৷ জলাশয়ৰ গুৰুত্ব সন্দৰ্ভত দাৰ্জিলিঙৰ সংৰক্ষণ বিজ্ঞানী তথা হুইটলী বঁটা বিজয়ী ড॰ বৰ্খা ছুব্বাই কয়, ‘জলাশয় কেৱল এটা প্ৰজাতিৰ বাসস্থান নহয়; ই হৈছে বিভিন্ন জলজ জীৱৰ আশ্ৰয়স্থল৷’ আজিৰ আলোচনাতে উত্তম টেৰন, নিতু কলিতা, অৰ্চনা বৰঠাকুৰ আৰু ড॰ মাইকেল ইছলাৰীয়ে স্থানীয় জ্ঞান, ইকো টুৰিজিম, শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীক নতুন অন্নেষনক জ্ঞান দিয়ে৷

কাইলৈ কটন বিশ্ববিদ্যালয়ত হ’বলগা আলোচনাত অৰণ্য আৰু জৈৱ বৈচিত্ৰ বিষয়ত আলোচনা হ’ব৷ আনহাতে, এক নৱেম্বৰত আই আই টি গুৱাহাটীত ‘পানী আৰু শক্তি’ তথা দুই নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বহনক্ষম ভূমিৰ ভৱিষ্যত’ বিষয়ত আলোচনা কৰা হব৷ ইফালে, তিনি নৱেম্বৰত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত হবলগা আলোচনাত ‘সেউজ প্ৰযুক্তি, উদ্ভাৱন আৰু উদ্যোগ’ বিষয় লৈ আলোচনা কৰা হব৷ চাৰি নৱেম্বৰত হোটেল বিভাণ্টাত বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...

গুৱাহাটী হোটেল হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ ৰহস্যজনক আচৰণ! সাউকুচিৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ ঋণ আৰু ব্যৱসায়ৰ নথি

গুৱাহাটীস্থিত হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত...