বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ ইছলামিক ধৰ্মগুৰু মৌলানা মুফতি শ্বাহাবুদ্দিন ৰিজভী বৰেলভীয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফতোৱা জাৰি কৰি আন ধৰ্মৰ উপাসনা কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে।
২৫ অক্টোবৰত কেদাৰনাথ মন্দিৰত দৰ্শনৰ বাবে শাৰীত অপেক্ষা কৰি থকা অৱস্থাত দেখা গৈছিল ছাৰা আলী খানক। মন্দিৰত প্ৰাৰ্থনা আগবঢ়োৱাৰ পাছত হাতযোৰ কৰি থকা অৱস্থাতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক।
এটা ভিডিঅ’ বিবৃতিত মুফতি শ্বাহাবুদ্দিন ৰিজভী বৰেলভীয়ে কয় যে, শ্বৰিয়ত অনুসৰি আন ধৰ্মৰ উপাসনা কৰাটো নিষিদ্ধ আৰু হাৰাম। লগতে তেওঁ ছাৰা আলী খানক আল্লাহৰ ওচৰত তওবা কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, কেদাৰনাথ দৰ্শনক লৈ ছাৰা আলী খান ধৰ্মীয় বিতৰ্কৰ সন্মুখীন হোৱা এয়াই প্ৰথম নহয়। বিগত চাৰি বছৰ ধৰি নিয়মীয়াকৈ কেদাৰনাথ ভ্ৰমণ কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। ২০১৮ চনত মুক্তি পোৱা তেওঁৰ প্ৰথম ছবি ‘কেদাৰনাথ’ক লৈও উত্তৰাখণ্ডত একাংশ সোঁপন্থী সংগঠনে বিৰোধিতা কৰিছিল। ছবিখনত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনয় কৰিছিল ছাৰাই।
ইফালে, বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ পৰিচালনা সমিতি (BKTC)-এ মন্দিৰ দুটাত পূজা-অৰ্চনা কৰিব বিচৰা অ-হিন্দু দৰ্শনাৰ্থীৰ বাবে শপতনামা দাখিল কৰাটো বাধ্যতামূলক কৰিছে।
ছাৰা আলী খানৰ মন্দিৰ দৰ্শনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিতৰ্কই পুনৰ এবাৰ ধৰ্মীয় বিশ্বাস, উপাসনা আৰু ব্যক্তিগত স্বাধীনতাক লৈ চৰ্চাৰ সূচনা কৰিছে।
