আন্দোলন কৰিলে নাপাব চৰকাৰী চাকৰি! উত্তৰ প্ৰদেশ চৰকাৰৰ কঠোৰ পদক্ষেপ; যোগী চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ উত্তৰ প্ৰদেশত ৰাজনৈতিক বিতৰ্ক

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰি হিংসাত্মক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকলৰ চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ‘শাসন ব্যৱস্থা পৰিৱৰ্তন’ৰ উদ্দেশ্যে হিংসাত্মক কাৰ্যকলাপত জড়িত ব্যক্তিসকলক চৰকাৰী চাকৰিত নিযুক্তি দিয়া নহ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে। এই পদক্ষেপক লৈ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে চৰকাৰৰ সমালোচনা কৰিছে।

শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ আধাৰত উত্তৰ প্ৰদেশৰ নিযুক্তি আৰু কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব এম দেৱৰাজে এই নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনাটোত কোৱা হৈছে যে হিংসাৰ আশ্ৰয় লৈ শাসন ব্যৱস্থা সলনিৰ আহ্বান জনোৱা বা এনে কাৰ্যকলাপত জড়িত ব্যক্তিসকলক চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে বিবেচনা কৰা নহ’ব।

অৱশ্যে, কেৱল কোনো প্ৰাৰ্থীৰ ৰাজনৈতিক আদৰ্শৰ ভিত্তিত তেওঁক নিযুক্তিৰ বাবে অযোগ্য ঘোষণা কৰিব নোৱাৰিব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। একেদৰে, কেৱল এজাহাৰ (FIR) দাখিল হোৱা বা কোনো গোচৰৰ তদন্ত চলি থকাৰ বাবেই আবেদনকাৰীক অযোগ্য বুলি গণ্য কৰা নহ’ব। নিৰ্দেশনাটোত প্ৰাৰ্থীৰ আচৰণ আৰু পূৰ্বৰ কাৰ্যকলাপ মূল্যায়নৰ বাবেও ব্যৱস্থা ৰখা হৈছে।

নিৰ্দেশনা অনুসৰি, কোনো ব্যক্তিৰ ২১ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত চৰকাৰী চাকৰিৰ বাবে তথ্য পৰীক্ষা কৰাৰ সময়ত যদি দেখা যায় যে বিগত তিনি বছৰৰ ভিতৰত তেওঁ কোনো বিতৰ্কিত বা হিংসাত্মক কাৰ্যকলাপত জড়িত আছিল, তেন্তে তেওঁ এতিয়াও এনে কাৰ্যকলাপৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ সম্ভাৱনা আছে বুলি ধৰি লোৱা হ’ব। অৱশ্যে, এই সময়ছোৱাত সংশ্লিষ্ট ব্যক্তিজনৰ আচৰণত ইতিবাচক পৰিৱৰ্তন অহাৰ প্ৰমাণ পোৱা গ’লে প্ৰশাসনে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব পাৰিব।

যোগী চৰকাৰৰ এই পদক্ষেপক লৈ তীব্ৰ সমালোচনা কৰিছে সমাজবাদী পাৰ্টিয়ে। দলটোৰ মুখপাত্ৰ উদয়বীৰে কয় যে ব্ৰিটিছ শাসনৰ সময়তো এনে ধৰণৰ নিৰ্দেশ জাৰি কৰা হৈছিল। স্বাধীন ভাৰতত প্ৰতিবাদ কৰাটো সাংবিধানিক অধিকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে গণতান্ত্ৰিক আৰু আইনসন্মত প্ৰক্ৰিয়াৰ জৰিয়তেহে শাসন ব্যৱস্থাৰ পৰিৱৰ্তন সম্ভৱ।

তেওঁৰ মতে, নিৰ্বাচনত অংশগ্ৰহণ কৰি যিকোনো ব্যক্তিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱৰ্তন আনিব পাৰে। কিন্তু বৰ্তমানৰ চৰকাৰে এনে নিৰ্দেশনাৰ জৰিয়তে মানুহৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

সমাজবাদী পাৰ্টিৰ লগতে কংগ্ৰেছেও যোগী চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। চৰকাৰৰ এই নিৰ্দেশনাই প্ৰতিবাদৰ অধিকাৰ আৰু চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব, তাক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...