পুনৰ বহিৰাগতৰ প্ৰবঞ্চনাৰ বলি অসমীয়া ব্যৱসায়ী, শিল্প সমাগম মেলাক কেন্দ্ৰ কৰি প্ৰবঞ্চনাৰ অভিযোগ, বিপাঙত ১৫গৰাকী অসমীয়া উদ্যোগী

খানাপাৰাত অনুষ্ঠিত মেলাৰ কামৰ নামত ধন সংগ্ৰহ কৰি প্ৰবঞ্চনাৰ অভিযোগ দিল্লীৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে, দিছপুৰ থানাৰ কাষ চাপিল ভুক্তভোগীসকল।

পুনৰ প্ৰবঞ্চনাৰ অভিযোগত বিপাঙত পৰিছে ১৫গৰাকী অসমীয়া উদ্যোগী। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ‘শিল্প সমাগম মেলা’ৰ বিভিন্ন কামৰ নিবিদা লাভ কৰা দিল্লীৰ Mendro Corporation Private Limited নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত অনুষ্ঠিত মেলাখনৰ ৰভা-সজ্জাকে ধৰি বিভিন্ন কামৰ দায়িত্ব লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৰ সৈতে জড়িত জিতেন্দ্ৰ কুমাৰৰ নেতৃত্বত ১৫গৰাকী অসমীয়া উদ্যোগীক মেলাখনৰ বিভিন্ন কামৰ দায়িত্ব দিয়া হৈছিল।

সেই অনুসৰি, উদ্যোগীসকলে কাম সম্পন্ন কৰাৰ উদ্দেশ্যে আগধনো প্ৰদান কৰিছিল। কিন্তু মেলাখন শেষ হোৱাৰ পূৰ্বেই জিতেন্দ্ৰ কুমাৰ আৰু তেওঁৰ সহযোগী অভিজিতে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে উপায়ন্তৰ হৈ ভুক্তভোগী উদ্যোগীসকলে দিছপুৰ আৰক্ষীৰ কাষ চাপে। অভিযোগৰ ভিত্তিত জিতেন্দ্ৰ কুমাৰ আৰু অভিজিতক দিছপুৰ থানালৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে, বাকী থকা ধন লাভ কৰিব পাৰিবনে নাই, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে উদ্যোগীসকল। এই ঘটনাই মেলাৰ কামৰ নামত ধনৰ লেনদেন আৰু ব্যৱসায়িক চুক্তিৰ স্বচ্ছতাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে।

উল্লেখ্য যে, যোৱা ২২ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল ‘শিল্প সমাগম মেলা’। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related