অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ছিয়াং জলবিদ্যুৎ প্ৰকল্পক লৈ অব্যাহত থকা প্ৰতিবাদৰ মাজতে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনাইছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা পাছিঘাট ৱেষ্টৰ বিধায়ক নিনং এৰিঙে। প্ৰকল্পটোৰ প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদন (Pre-Feasibility Report বা PFR)ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে স্থানীয় জনসাধাৰণৰ ওপৰত বান্ধটোৰ সম্ভাৱ্য প্ৰভাৱ বুজিবলৈ এই প্ৰতিবেদন অত্যন্ত জৰুৰী। বিশেষকৈ চীনৰ বান্ধ নিৰ্মাণৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ গুৰুত্ব বৃদ্ধি পাইছে।
এৰিঙে কয়, “আমাক প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদনখন লাগিব, কাৰণ বান্ধটোৱে জনসাধাৰণৰ ওপৰত কেনে প্ৰভাৱ পেলাব, কোনবোৰ অঞ্চল পানীত বুৰ যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ সামগ্ৰিক প্ৰভাৱ কেনে হ’ব, সেয়া আমি জানিব বিচাৰোঁ। আমি পুনৰ চিপকো আন্দোলন বা টেহৰি বান্ধ আন্দোলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিবিচাৰোঁ। দুৰ্ভাগ্যজনকভাৱে, এই আন্দোলনৰ বাবে আমি ইতিমধ্যে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছোঁ।”
শান্তিপূৰ্ণ প্ৰতিবাদ কৰাটো জনসাধাৰণৰ অধিকাৰ বুলি স্বীকাৰ কৰিও তেওঁ হিংসাত্মক কাৰ্যকলাপ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধনক লৈ সতৰ্কবাণী প্ৰদান কৰে।
তেওঁ কয়, “শান্তিপূৰ্ণ আন্দোলন কৰা, বন্ধৰ আহ্বান জনোৱা অথবা ধৰ্ণা দিয়াৰ সম্পূৰ্ণ অধিকাৰ জনসাধাৰণৰ আছে। কিন্তু লুণ্ঠন বা চুৰিৰ উদ্দেশ্যে চৰকাৰী অথবা ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবলৈ মানুহক উচটনি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে।”
এৰিঙে লগতে জানিবলৈ দিয়ে যে অঞ্চলটোত প্ৰশাসন আৰু আৰক্ষীৰ ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীও উপস্থিত হৈছে। প্ৰতিবাদকাৰীসকলক হাৰাশাস্তি কৰাটো চৰকাৰৰ উদ্দেশ্য নহয় বুলি উল্লেখ কৰি তেওঁ আন্দোলনত অংশগ্ৰহণ কৰা কিছুমান যুৱকৰ অঞ্চলটোৰ বাহিৰৰ পৰা অহাৰ অভিযোগক লৈ উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয়, “আমি জানিব পৰা মতে, প্ৰতিবাদত অংশগ্ৰহণ কৰা কিছুমান যুৱক স্থানীয় অঞ্চলৰ নহয়। তেওঁলোক ছিয়াং অথবা আপাৰ ছিয়াঙৰ পৰা আহিছে। প্ৰশ্নটো হ’ল, তেওঁলোকক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ কোনে বিপথে পৰিচালিত কৰিছে?”
অৰুণাচল প্ৰদেশৰ জলবিদ্যুৎ উন্নয়ন মন্ত্ৰীৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰা বিধায়কগৰাকীয়ে ছিয়াং ইণ্ডিজেনাছ ফাৰ্মাৰ্ছ ফ’ৰাম (Siang Indigenous Farmers Forum) আৰু আন আন সংগঠনসমূহক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
তেওঁ কয়, “আমি সকলোৱে একেলগে বহি এটা সমাধান উলিয়াব লাগিব। ছিয়াং ইণ্ডিজেনাছ ফাৰ্মাৰ্ছ ফ’ৰাম আৰু আন সকলো সংগঠনক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ। আলোচনা আৰু মত-বিনিময় অবিহনে আমি কেনেকৈ আগবাঢ়িম? মত-বিৰোধ আৰু যুক্তি-প্ৰত্যুত্তৰ থাকিবই, কিন্তু আলোচনাৰ মাজেৰেহে আমি আগবাঢ়ি যোৱাৰ পথ বিচাৰি উলিয়াব লাগিব।”
ইফালে, বান্ধ নিৰ্মাণক লৈ সৃষ্টি হোৱা উদ্বেগ আৰু নামনি অঞ্চলৰ জনসাধাৰণৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়টো সমাধানৰ বাবে চীনৰ সৈতে জলচুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে।
