বৰপথাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি, অভিযুক্তক আদালতলৈ নিয়াৰ পূৰ্বে উত্তম-মধ্যম লাংঠা গাঁৱৰ ৰাইজৰ

বৰপথাৰত এগৰাকী বৃদ্ধা মহিলাৰ ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বৰপথাৰ আৰক্ষী থানাৰ চৌহদ। ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবীত থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লাংঠা গাঁৱৰ ক্ষুব্ধ ৰাইজে।

উল্লেখযোগ্য যে যোৱা ২৫ অক্টোবৰত নিশা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংঠা গাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। অভিযোগ অনুসৰি, গাঁওখনৰ ৫০ বছৰৰো অধিক বয়সৰ এগৰাকী মহিলাক গাঁৱৰে এজন যুৱকে ধৰ্ষণ কৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইফালে, ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ বাবে নিয়াৰ পূৰ্বে লাংঠা গাঁৱৰ ৰাইজে বৰপথাৰ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তই আইনৰ সুৰুঙাৰে জামিন লাভ কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে।

প্ৰতিবাদৰ মাজতে থানাৰ ভিতৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, আদালতলৈ নিয়াৰ সময়ত অভিযুক্তক উদ্দেশ্যি একাংশ গাঁওবাসীয়ে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰো কৰে। অৱশ্যে আৰক্ষীয়ে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

এই ঘটনাক কেন্দ্ৰ কৰি বৰপথাৰ আৰক্ষী থানাৰ চৌহদত উত্তেজনা বিয়পি পৰে। প্ৰতিবাদকাৰীসকলে ‘বৰপথাৰ আৰক্ষী হায় হায়’ আৰু ‘অসম আৰক্ষী হায় হায়’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে বুলি জানিব পৰা গৈছে।

এতিয়া এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভুক্তভোগী মহিলাগৰাকীৰ ন্যায় নিশ্চিত কৰাৰ লগতে ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...