সহজ নাছিল হেলেন ভৰালীৰ জীৱন…

প্ৰচণ্ড স্বাভিমানী এগৰাকী মহিলা। নিজৰ এটা পৰিচয় গঢ়াৰ বাবেই এদিন বৰপেটাৰ ইচ্ছাপুৰহাটীৰ পৰা গুৱাহাটীলৈ ওলাই আহিছিল হেলেন ভৰালী। লাচিতনগৰৰ গুলীচালনাৰ ঘটনাত প্ৰাণ হেৰুওৱা হেলেন ভৰালী নাছিল এগৰাকী সাধাৰণ মহিলা। নিজৰ কষ্টৰ বলত এদিন বহুজনৰ বাবে হৈ পৰিছিল আদৰ্শ। কিন্তু সোমবাৰৰ কাল সন্ধিয়াত ঘনকান্ত গগৈৰ নৃশংসতাত শেষ হৈ গ’ল সকলো।

বৰপেটাৰ ঐতিহ্যমণ্ডিত এখন ঠাই। ইচ্ছাপুৰহাটী। এই ইচ্ছাপুৰৰেই সফল ব্যৱসায়ী প্ৰয়াত বিলাস ভৰালীৰ একমাত্ৰ জীয়ৰী হেলেন ভৰালী। উচ্চতৰ মাধ্যমিকলৈকে পঢ়াৰ পিছত ১৮ বছৰ বিবাহপাশত আবদ্ধ হৈছিল হেলেন। বিয়াৰ কেইবছৰমান পিছতেই বিবাহ বিচ্ছেদ হৈছিল হেলেনৰ। একমাত্ৰ সন্তানক ডনবস্ক’ত পঢ়ুওৱাৰ উদ্দেশ্য এদিন গুৱাহাটীলৈ ওলাই আহিছিল তেওঁ। থাকিবলৈ লৈছিল পিতৃৰ নামেৰেই লাচিতনগৰত স্থাপন কৰা ‘হোটেল বিলাস’ৰ এটা কোঠাত। হোটেলৰ পৰাই চলাই গৈছিল জীৱন সংগ্ৰাম আৰু একমাত্ৰ মানুহ কৰাৰ যুঁজখন।

উভতি গৈছো ১৯৯৭চনলৈ। বিলাস ভৰালীয়ে কন্যা হেলেনাক দিছিল গুৱাহাটীৰ জোনালীৰ পলাশ পথৰ কাষত থকা ভূমি। সেই ভূমিতেই বিলাস ভৰালীয়ে এটা ঘৰ নিৰ্মাণ কৰি কন্যা আৰু নাতিৰ নামত দিলে। হোটেল বিলাসৰ কোঠা এৰি পুত্ৰৰ সৈতে হেলেন থাকিবলৈ ল’লেগৈ সেই ঘৰত।

ধনে-ধানে উভৈনদী আছিল বিলাস ভৰালীৰ ঘৰ। গাড়ীৰ ব্যৱসায়ৰ উপৰিও কেইবা ঠাইতো আছিল বিলাস ভৰালীৰ চিনেমা হল। কিন্তু পিতৃৰ টকাৰে জীৱনটো উপভোগ কৰিব নিবিচাৰি নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হ’ব বিচাৰিছিল হেলেন ভৰালী। নিজৰ ঘৰৰেই আধা ভাড়ালৈ দিয়াৰ সমান্তৰালকৈ আন কিবাও কৰিব পৰা যায় নেকি তাৰেই সন্ধান কৰিছিল স্বাভিমানী মহিলাগৰাকীয়ে। ঘৰটো ভাড়ালৈ লৈছিল কেইজনমান ছাত্ৰই। খুব কমদিনৰ ভিতৰতেই হেলেন ভৰালীৰ সৈতে ঘনিষ্ঠ হৈ পৰা ছাত্ৰকেইজনে মুকলিমৰীয়াকৈ উলিয়াইছিল ছোৱালী হোষ্টেলৰ কথা। কাৰণ কেইজনমান ছাত্ৰৰ প্ৰেমিকা আছিল অলপ দূৰতে থকা আন এটা হোষ্টেলত। ১৯৯৭চনতে ছাত্ৰকেইজনক ভাড়াঘৰটো খালী কৰিবলৈ দি এটা ছোৱালীৰ হোষ্টেল আৰম্ভ কৰিছিল মহিলাগৰাকীয়ে। ৮গৰাকী ছাত্ৰীক লৈ আত্মপৰিচয় গঢ়াৰ বাটত প্ৰথমটো খোজ দিছিল স্বাভিমানী হেলেন ভৰালীয়ে। পৰবৰ্তী সময়ত এই হোষ্টেলক ‘দেবাৰ্ষিনা’ নাম দি ৬০জনীয়া চিটলৈ সম্প্ৰসাৰণ কৰিছিল তেওঁ। কম সময়ৰ ভিতৰতে সাফল্য আহিছিল হেলেনৰ জীৱনলৈ আৰু পিছলৈ তেওঁ আৰম্ভ কৰিছিল এটা বয়জ হোষ্টেলো।

কেৱল বয়জ হোষ্টেল বা গাৰ্লচ হোষ্টেলেই নহয়। জীৱনত কেতিয়াও হাৰ মানিব নোখোজা প্ৰবল আত্মবিশ্বাসী হেলেন ভৰালীৰ আছিল আন বহুতো ব্যৱসায়। প্ৰায় ৬ বছৰ পূৰ্বে মহানগৰীৰ জু-ৰোডত ‘মুগা’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছিল হেলেনে। জীৱনৰ সন্ধানত তেনেই কম বয়সতে পুত্রক বুকুত বান্ধি গুৱাহাটীলৈ ওলাই অহা মহিলাগৰাকীয়ে সফলতাৰে আগুৱাই নিছিল জীৱন যাত্ৰা।

২৬ অক্টোবৰ, ২০২৬। গুৱাহাটীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত শেষ হৈ গ’ল হেলেন ভৰালীৰ সকলো আশা, সকলো সপোন। পুত্ৰক বুকুত বান্ধি এদিন গুৱাহাটীলৈ ওলাই অহা হেলেন ভৰালীয়ে পুত্ৰৰ সৈতেই মৃত্যুক সাৱটিলে। ঘনকান্ত গগৈৰ নৃশংসতাত প্ৰাণ হেৰুৱালে তেখেতৰ বোৱাৰীয়েক ৰিনিকা ভৰালীয়েও। ৫টাকৈ জীৱন শেষ কৰা ঘনকান্টক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। এতিয়াও GMCHতে জীৱন-মৃত্যুৰে যুঁজিছে সত্যেন্দ্ৰ পাঠক নামৰ এজন লোক। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, হোটেলখনৰ লীজ চুক্তি সম্পৰ্কীয় বিবাদৰ সৈতে এই ঘটনাৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। কিন্তু সঁচাকৈয়ে লীজ চুক্তি সম্পৰ্কীয় বিবাদৰ সৈতে এই ঘটনা সংঘটিত হৈছিলনে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো কথা।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...

বৰপথাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি, অভিযুক্তক আদালতলৈ নিয়াৰ পূৰ্বে উত্তম-মধ্যম লাংঠা গাঁৱৰ ৰাইজৰ

বৰপথাৰত এগৰাকী বৃদ্ধা মহিলাৰ ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত...