মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত হাউছকিপিঙৰ দায়িত্বত নিয়োজিত এগৰাকী মহিলাৰ গাত এখন প্ৰকাণ্ড লোহাৰ গেট পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। সমগ্ৰ ঘটনাটো মাৰ্টখনত সংস্থাপিত CCTV কেমেৰাত বন্দী হৈছে। দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে।

আঘাতপ্ৰাপ্ত মহিলাগৰাকী লখিমপুৰৰ চাবুৱা গাঁৱৰ দিপালী শইকীয়া বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ ফলত দিপালী শইকীয়াৰ পিঠি, বুকু আৰু ভৰিত গুৰুতৰ আঘাত লাগে। বৰ্তমান তেওঁ অসম চিকিৎসা মহাবিদ্যালয় (AMC)ৰ ICUত চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাটোৰ ফলত দিপালীৰ বুকুৰ তিনিডাল হাড় ভাঙিছে। ইয়াৰ উপৰি কঁকালৰ হাড় ভাঙি যোৱাৰ ফলত তেওঁৰ দুয়োখন ভৰি বৰ্তমান অচল হৈ পৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, শৰীৰত তেজ চলাচলৰ সৈতে জড়িত সমস্যাৰ ফলত তেওঁৰ শৰীৰ ফুলি যোৱা বুলিও জানিব পৰা গৈছে। মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ পৰিয়ালৰ লোকসকল গভীৰ চিন্তাত পৰিছে।

ইফালে, এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত V2 মাৰ্ট তথা অট্টালিকাটোৰ স্বত্বাধিকাৰীৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ পিছত তেওঁলোকৰ প্ৰতি কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় সহযোগিতা লাভ কৰা নাই। অৱশ্যে এই অভিযোগৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ আনুষ্ঠানিক বক্তব্য জানিব পৰা হোৱা নাই।

আনহাতে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে দিপালী শইকীয়াৰ চিকিৎসাৰ ব্যয় বহন কৰাটো এতিয়া এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। ICUত চিকিৎসাধীন মহিলাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰাক লৈ পৰিয়ালটো চিন্তিত হৈ পৰিছে।

কৰ্মস্থলীত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই কৰ্মচাৰীৰ সুৰক্ষা ব্যৱস্থা আৰু দায়িত্বশীল কৰ্তৃপক্ষৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। দিপালী শইকীয়াৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ঘটনাটোৰ উচিত তদন্তৰ দাবী পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত...