অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হৈছে লিভাৰ ট্ৰান্সপ্লাণ্ট বা যকৃত সংৰোপণ অস্ত্ৰোপচাৰ। প্ৰায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাত ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অসমৰ চৰকাৰী চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। ডাঃ চেনথেল কুমাৰৰ নেতৃত্বত চিকিৎসকৰ এটা দলে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে। কেৱল অসমতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী চিকিৎসা খণ্ডতো এয়া প্ৰথম সফল লিভাৰ ট্ৰান্সপ্লাণ্ট বুলি তেওঁ উল্লেখ কৰে।

এই সফলতাই ৰাজ্যৰ ৰোগীসকলৰ বাবে উন্নত চিকিৎসা সেৱা অধিক সহজলভ্য কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। অসমৰ ৰোগীসকলে যাতে কম খৰচতে এনে জটিল ৰোগৰ চিকিৎসা লাভ কৰিব পাৰে, তাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে, ১৬ নৱেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সেৱাসমূহ অস্থায়ীভাৱে MMCলৈ স্থানান্তৰ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, MBBS পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিক লৈও নিজৰ মত প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে। তেওঁ কয় যে এয়া চৰকাৰৰ সিদ্ধান্ত। বৰ্তমান সময়ত প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ মাচুলো ইয়াতকৈ অধিক হোৱা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

GMCHত সফল লিভাৰ ট্ৰান্সপ্লাণ্ট সম্পন্ন হোৱাৰ ঘটনাক অসমৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা লাভৰ সুবিধা অধিক সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...