বিবাহৰ বাবে ধন যোগাৰ কৰিবলৈ সোণৰ চেইন কাঢ়ি নিয়াৰ অভিযোগত অন্ধ্ৰপ্ৰদেশৰ এহাল প্ৰেমিক-প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হায়দৰাবাদৰ মালকাজগিৰি অঞ্চলৰ অন্তৰ্গত বনস্থলীপুৰম আৰক্ষীয়ে ৬৫ বছৰীয়া এগৰাকী মন্দিৰৰ কৰ্মচাৰীৰ পৰা প্ৰায় ৩০ গ্ৰাম ওজনৰ সোণৰ চেইন কাঢ়ি নিয়াৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰে।
ধৃত লোক ২জন হৈছে ২৩ বছৰীয়া অনাপু ৰেড্ডী দুৰ্গা ৰমনা ৰেড্ডী আৰু ২৪ বছৰীয়া টেংকা বৰলক্ষ্মী। অভিযোগ অনুসৰি, বৃদ্ধাগৰাকীক সহায় কৰাৰ চলেৰে তেওঁৰ মুখ বন্ধ কৰি বলপূৰ্বকভাৱে ডিঙিৰ পৰা সোণৰ অলংকাৰ কাঢ়ি নিয়ে প্ৰেমিক যুগলে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় এমাহ পূৰ্বে দুয়ো কৰ্মসংস্থাপনৰ সন্ধানত হায়দৰাবাদলৈ আহিছিল। কিন্তু বহু চেষ্টা কৰিও চাকৰি লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত বিবাহৰ বাবে ধন যোগাৰ কৰিবলৈ অপৰাধৰ পথ বাছি লোৱা বুলি অভিযোগ উঠিছে।
ঘটনাটো ১৮ অক্টোবৰৰ পুৱা প্ৰায় ৬.০৪ বজাত হায়দৰাবাদৰ ভেংকট ৰমনা কলনীৰ ৰাজা ৰাজেশ্বৰী মন্দিৰত সংঘটিত হয়। সেই সময়ত মন্দিৰত আন কোনো ভক্ত নথকাৰ সুযোগ লৈ মন্দিৰ চাফা কৰি থকা আন্দুগুলা ৰামুলাম্মা নামৰ বৃদ্ধাগৰাকীক লক্ষ্য কৰি লয় অভিযুক্ত দুজনে।
আৰক্ষীৰ মতে, বৰলক্ষ্মীয়ে বৃদ্ধাগৰাকীক ধৰি মুখ বন্ধ কৰি ৰখাৰ সময়তে ৰমনা ৰেড্ডীয়ে তেওঁৰ ডিঙিৰ পৰা সোণৰ মংগলসূত্ৰ (পুস্তেলাথাডু) কাঢ়ি নিয়ে। ইয়াৰ পিছতে দুয়ো এখন এক্টিভা স্কুটাৰত ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাৰ তদন্তত আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি বিভিন্ন স্থানত অভিযুক্ত দুজনৰ গতিবিধি অনুসৰণ কৰে। অৱশেষত বুধবাৰে পুৱা, ঘটনাৰ তিনিদিন পিছত, বনস্থলীপুৰমৰ কমলা নগৰৰ এখন অলংকাৰৰ দোকানৰ ওচৰৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে অভিযুক্ত দুজনৰ পৰা চুৰি হোৱা সোণৰ অলংকাৰটো আৰু দুটা ম’বাইল ফোন উদ্ধাৰ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা ৰমনা ৰেড্ডী আৰু বৰলক্ষ্মীৰ মাজত প্ৰায় ডেৰ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো হায়দৰাবাদৰ গুৰ্ৰামগুড়া অঞ্চলত একেলগে বাস কৰি আছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক গোচৰ পঞ্জীয়ন হোৱা নাছিল।
বিবাহৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আৰ্থিক সংকটৰ বাবে দুয়ো এই অপৰাধ সংঘটিত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বৰ্তমান অভিযুক্ত দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে।
