বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাত আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত দুগৰাকী মহিলা আছে। মঙলবাৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে এই ঘটনাৰ সৈতে জড়িত তিনিজন শ্বুটাৰসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
আৰক্ষীৰ দাবী অনুসৰি, টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ পৰিকল্পনা আৰু ৰূপায়ণত এই চাৰিজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আক্ৰমণকাৰী শ্বুটাৰকেইজনে ব্যৱহাৰ কৰা আগ্নেয়াস্ত্ৰৰ ব্যৱস্থা কৰা আৰু সেইবোৰ তেওঁলোকৰ হাতত তুলি দিয়াৰ কামো এই চাৰিজনে কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে কুণাল, সুমিতা, ৰাধা আৰু ববিতা। ইতিমধ্যে তেওঁলোকক মুম্বাই আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। আৰক্ষীৰ মতে, কুণাল আৰু সুমিতে আগ্নেয়াস্ত্ৰৰ ব্যৱস্থা কৰিছিল। আনহাতে, ৰাধা আৰু ববিতাই মুম্বাইৰ দাদৰ অঞ্চললৈ গৈ তিনিজন শ্বুটাৰৰ হাতত সেইবোৰ তুলি দিছিল।
উল্লেখ্য যে, যোৱা দেওবাৰে মুম্বাইৰ জুহু অঞ্চলত টাইগাৰ শ্ৰফক লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। সেই সময়ত গাড়ীৰে উভতি আহি আছিল অভিনেতাজন। তেওঁৰ লক্ষ্য কৰি কেইবাজাইও গুলী চলোৱা হৈছিল যদিও কথমপি প্ৰাণৰক্ষা পৰে অভিনেতাজনৰ।
ইয়াৰ পূৰ্বে এই ঘটনাৰ সৈতে জড়িত তিনিজন শ্বুটাৰক ৰাজস্থানৰ কোটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত হাৰিয়ানাৰ সোনিপতৰ পৰা সমীৰ নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ দাবী অনুসৰি, সমীৰেই শ্বুটাৰকেইজনৰ সৈতে কেলিফৰ্ণিয়াত থকা লৰেন্স বিষ্ণোই গেঙৰ সদস্য অনিল পণ্ডিতৰ যোগাযোগ কৰাই দিছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাধা আৰু ববিতাক নতুন দিল্লী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ৰাধা উত্তৰ প্ৰদেশৰ সীতাপুৰৰ আৰু ববিতা আজমগড়ৰ বাসিন্দা। আনহাতে, কুণাল আৰু সুমিত দুয়ো হাৰিয়ানাৰ সোনিপতৰ বাসিন্দা। তেওঁলোকক সোনিপতৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়।
সূত্ৰৰ খবৰ অনুসৰি, প্ৰায় দুমাহ পূৰ্বেই টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিছিল কুণালে। হাৰিয়ানাৰ হৰছানা গাঁৱৰ এজন বন্ধুৰ জৰিয়তে অনিল পণ্ডিতৰ সৈতে কুণালৰ যোগাযোগ স্থাপন হৈছিল।
ইয়াৰ পিছতে কুণালে অমৃতসৰ অঞ্চলৰ পৰা এটা পিষ্টল আৰু ২০ জাঁই কাৰ্তুজৰ ব্যৱস্থা কৰিছিল। ৰাধাৰ জৰিয়তে সেইবোৰ মুম্বাইলৈ পঠিওৱা হৈছিল। যোৱা ১৫ তাৰিখে ববিতাও ৰাধাৰ সৈতে মুম্বাইলৈ গৈছিল। ইয়াৰ দুদিন পিছত এগৰাকী নাবালকে ৰাধাৰ পৰা সেই আগ্নেয়াস্ত্ৰ লৈ গৈছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে দেওবাৰে টাইগাৰ শ্ৰফৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়। আক্ৰমণৰ দিনাই ৰাধা আৰু ববিতা মুম্বাইৰ পৰা দিল্লীলৈ উভতি আহিছিল। এই ঘটনাৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
