পূজাৰ আনন্দৰ মাজতে ৰহাত চাঞ্চল্যকৰ ঘটনা। সৰাগাঁৱত পুখুৰীত উদ্ধাৰ ছাত্ৰ নেতাৰ মৃতদেহ। কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আঞ্চলিকৰ সম্পাদকৰ মৃতদেহ উদ্ধাৰ। ১৮ অক্টোবৰৰ পৰা নিখোজ হৈ আছিল ছাত্ৰ নেতা পৰশমণি ডেকা। মঙলবাৰে পুৱা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।ঘটনাস্থলীত উপস্থিত আৰক্ষী, ফৰেনচিকৰ দল।এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা, তদন্ত আৰম্ভ ৰহা আৰক্ষীৰ।
