আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক যুদ্ধ বন্ধৰ দাবী তেহৰানৰ
ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে দেওবাৰে কয় যে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে আমেৰিকাক দিয়া ইৰানৰ সাত দিনীয়া প্ৰস্তাৱ এতিয়াও বাহাল আছে। বাগদাদত ইছলামিক সহযোগিতা সংস্থাৰ এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ ইৰানৰ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।
আমেৰিকাৰ সঁহাৰি পৰ্যালোচনা কৰি আছে ইৰানে
আৰাঘচিৰ মতে, ইৰানে প্ৰস্তাৱটো আগবঢ়োৱাৰ পিছত আমেৰিকাৰ পৰা সঁহাৰি লাভ কৰিছে আৰু সেই সঁহাৰি বৰ্তমান পৰ্যালোচনা কৰি থকা হৈছে। অৱশ্যে, আমেৰিকাই ইৰানৰ সকলো চৰ্ত পূৰণ নকৰালৈকে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত অগ্ৰগতি সম্ভৱ নহ’ব বুলি তেহৰানে স্পষ্ট কৰি দিছে।
ইৰানৰ ৭টা চৰ্তৰ ভিতৰত কি আছে?
হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে ইৰানে কেইবাটাও চৰ্ত আৰোপ কৰিছে। ইয়াৰ ভিতৰত আছে— ইৰানৰ বন্দৰসমূহৰ ওপৰত আমেৰিকাৰ অৱৰোধ প্ৰত্যাহাৰ,ইৰানৰ তেল ৰপ্তানিৰ ওপৰত থকা আমেৰিকাৰ নিষেধাজ্ঞা উঠাই লোৱা, আঞ্চলিক সকলো যুদ্ধক্ষেত্ৰতে শত্ৰুতা আৰু সামৰিক সংঘাত বন্ধ কৰা। ইৰানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ৱাশ্বিংটনে তেহৰানৰ চৰ্তসমূহ মানি ল’লে ছয় দিনৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰিব পৰা যাব আৰু তাৰ পিছদিনা আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে।
ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ মতানৈক্য
আলোচনাৰ অন্যতম মূল বাধা হৈছে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী। আমেৰিকাই আৰম্ভণিৰ পৰাই এই বিষয়টো আলোচনাৰ অন্তৰ্ভুক্ত কৰাৰ ওপৰত জোৰ দি আহিছে।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে আমেৰিকাৰ দাবী পূৰণ আৰু দুয়োখন দেশৰ মাজত চলি থকা আঠ মাহজোৰা যুদ্ধৰ অৱসান ঘটাবলৈ ইৰানে ইউৰেনিয়াম সমৃদ্ধকৰণৰ ক্ষমতা উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব লাগিব।
হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ। এই পথ পুনৰ মুকলি কৰা আৰু আমেৰিকা-ইৰানৰ মাজত চলি থকা কূটনৈতিক আলোচনা আগবঢ়াৰ সম্ভাৱনাই এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।
