অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ। দেওবাৰে সংবাদমেলযোগে এই কথা স্পষ্ট কৰে চিআইডিৰ বিশেষ সঞ্চালক প্ৰধান তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)-ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। দুয়োগৰাকীৰ জামিনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বাবে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি তেওঁ জানিবলৈ দিয়ে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু গোচৰৰ শেহতীয়া স্থিতি সন্দৰ্ভতো সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য কৰে SITৰ মুৰব্বীগৰাকীয়ে। তেওঁ জনোৱা অনুসৰি, এই গোচৰৰ সৈতে জড়িত ১৩৪ গৰাকী ব্যক্তিৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হৈছে। SITয়ে তদন্ত সম্পূৰ্ণ কৰি ইতিমধ্যে আদালতত অভিযোগনামা (চাৰ্জশ্বীট) দাখিল কৰিছে। এতিয়া গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আদালতৰ মজিয়াত আগবাঢ়িব।

মুন্না প্ৰসাদ গুপ্তাই কয় যে আদালতৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰিব লাগিব। গোচৰটোৰ আইনী দিশসমূহ আদালতেই বিবেচনা কৰিব আৰু বিচাৰ প্ৰক্ৰিয়াৰ অন্ততহে গোচৰৰ চূড়ান্ত সিদ্ধান্ত জানিব পৰা যাব। সেয়েহে, গোচৰটোৰ সন্দৰ্ভত আদালতৰ প্ৰক্ৰিয়াক সন্মান জনাই আগবাঢ়িব লাগিব বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, অমৃতপ্ৰভা আৰু সন্দীপনে জামিন লাভ কৰিলেও তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক গোচৰটোৰ পৰা সম্পূৰ্ণৰূপে দোষমুক্ত হৈছে। এই কথা স্পষ্ট কৰি SITৰ মুৰব্বীগৰাকীয়ে কয়, “জামিন লাভ আৰু বিচাৰ প্ৰক্ৰিয়া দুটা পৃথক বিষয়।” তেওঁৰ মতে, জামিন হৈছে আইনী প্ৰক্ৰিয়াৰ এটা অংশ, আনহাতে গোচৰটোৰ দোষ-নিৰ্দোষ নিৰ্ধাৰণ কৰাটো আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত।

উল্লেখ্য যে, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰি আহিছে। ঘটনাটোৰ ন্যায় বিচাৰি ৰাইজে নিৰন্তৰ দাবী জনাই অহাৰ মাজতে গোচৰটোৰ তদন্ত, অভিযোগনামা দাখিল আৰু অভিযুক্তসকলৰ জামিনক লৈ আইনী প্ৰক্ৰিয়াই বিশেষ গুৰুত্ব লাভ কৰিছে।

এনে পৰিস্থিতিত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্তই গোচৰটোৰ পৰৱৰ্তী আইনী যুঁজক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। এতিয়া উচ্চতম ন্যায়ালয়ত চৰকাৰে কি যুক্তি দাঙি ধৰে আৰু আদালতে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

ইফালে, SITয়ে তদন্ত সম্পূৰ্ণ কৰি অভিযোগনামা দাখিল কৰাৰ পিছত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটন আৰু ন্যায় লাভৰ ক্ষেত্ৰত আদালতৰ চূড়ান্ত ৰায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related