অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱজিৎ লন শইকীয়াই।

সংবাদমেলত দেৱজিৎ লন শইকীয়াই কয় যে অমৃতপ্ৰভা মহন্তৰ জামিনৰ আদেশত কেইবাটাও বিসংগতি তেওঁলোকে লক্ষ্য কৰিছে। সেয়েহে, অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ইতিমধ্যে অধিবক্তাসকলৰ সৈতে আলোচনা কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে, সন্দীপন গাৰ্গৰ জামিনৰ আদেশ এতিয়াও তেওঁ পঢ়া নাই বুলি উল্লেখ কৰি আদেশটো পৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কয়।

তদন্তৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ বিসংগতি হোৱা নাই বুলি দাবী কৰি দেৱজিৎ লন শইকীয়াই কয় যে তদন্তকাৰী বিষয়াই সকলো দিশ সঠিকভাৱে তদন্ত কৰি অভিযোগনামা দাখিল কৰিছে।

অমৃতপ্ৰভা মহন্তক ক্লিন ছিট দিয়া হৈছে বুলি আনন্দ ভূঞাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে জামিন লাভ কৰা মানেই ক্লিন ছিট লাভ কৰা নহয়। আনন্দ ভূঞাই কিহৰ ভিত্তিত এনে মন্তব্য কৰিছে, সেয়া তেওঁ নাজানে বুলিও উল্লেখ কৰে।

তেওঁ লগতে কয় যে তদন্ত সঠিকভাৱে সম্পন্ন হোৱাৰ বাবেই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীয়ে এতিয়াও কাৰাগাৰত থাকিবলগীয়া হৈছে। তদন্ত সঠিকভাৱে সম্পন্ন নহ’লে অভিযুক্তসকল ইমান দিন কাৰাগাৰত নাথাকিলহেঁতেন বুলিও তেওঁ মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...