ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (FSSAI)-এ চাহত ব্যৱহৃত দুবিধ কীটনাশক—এচেটামিপ্ৰিড (Acetamiprid) আৰু ইমিডাক্ল’প্ৰিড (Imidacloprid)-ৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমা (Maximum Residue Limit বা MRL) নিৰ্ধাৰণৰ বাবে খচৰা সংশোধনী অধিসূচনা জাৰি কৰিছে। বৈজ্ঞানিক মূল্যায়ন, আন্তঃৰাষ্ট্ৰীয় প্ৰচলিত নীতি আৰু ভাৰতীয় কৃষিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কীটনাশকৰ অৱশিষ্ট সম্পৰ্কীয় মানদণ্ড পুনৰীক্ষণৰ অংশ হিচাপে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
FSSAI-এ প্ৰকাশ কৰা খাদ্য সুৰক্ষা আৰু মানক (দূষক, বিষাক্ত পদাৰ্থ আৰু অৱশিষ্ট) সংশোধনী বিধি, ২০২৬-ৰ খচৰা অনুসৰি, চাহত এচেটামিপ্ৰিডৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমা প্ৰতি কিলোগ্ৰামত ২০ মিলিগ্ৰাম আৰু ইমিডাক্ল’প্ৰিডৰ ক্ষেত্ৰত প্ৰতি কিলোগ্ৰামত ৫০ মিলিগ্ৰাম নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়া হৈছে।
এই প্ৰস্তাৱিত সীমাই চাহত কীটনাশকৰ অৱশিষ্টৰ পৰিমাণৰ বাবে স্পষ্ট নিয়ামক মানদণ্ড নিৰ্ধাৰণ কৰিব। ইয়াৰ ফলত খাদ্য সুৰক্ষাৰ নিয়ম মানি চলা, পৰীক্ষা-নিৰীক্ষা আৰু নিয়ম বলৱৎ কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি আশা কৰা হৈছে। অৱশ্যে, খচৰা বিধিসমূহ চূড়ান্তভাৱে অনুমোদিত হোৱাৰ পিছতহে এই সীমা কাৰ্যকৰী হ’ব।
কৃষি উৎপাদনত কীট-পতংগ নিয়ন্ত্ৰণৰ গুৰুত্বৰ কথাও এই প্ৰস্তাৱত স্বীকাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত প্ৰতি হেক্টৰ কৃষিভূমিত গড় কীটনাশকৰ ব্যৱহাৰ ০.৫ কিলোগ্ৰামতকৈ কম, যিটো বিশ্বৰ গড় ২.৩৮ কিলোগ্ৰামতকৈ যথেষ্ট কম। কলম্বিয়া, ব্ৰাজিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশৰ তুলনাতো ভাৰতত কীটনাশকৰ ব্যৱহাৰৰ মাত্ৰা কম।
খাদ্য সুৰক্ষা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কীটনাশকৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমা এক গুৰুত্বপূৰ্ণ উপাদান। খাদ্য সামগ্ৰীত আইনগতভাৱে অনুমোদিত কীটনাশকৰ অৱশিষ্টৰ সৰ্বোচ্চ পৰিমাণ নিৰ্ধাৰণ কৰা এই সীমা অৱশিষ্ট সম্পৰ্কীয় তথ্য, খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা কীটনাশকৰ পৰিমাণ আৰু সংশ্লিষ্ট সুৰক্ষাজনিত দিশৰ বৈজ্ঞানিক মূল্যায়নৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।
চাহ উদ্যোগৰ ক্ষেত্ৰত এই প্ৰস্তাৱিত সীমাই চাহ খেতিয়ক, প্ৰক্ৰিয়াকৰণকাৰী, খাদ্য ব্যৱসায়ী, পৰীক্ষাগাৰ আৰু নিয়ম বলৱৎকাৰী কৰ্তৃপক্ষৰ বাবে অধিক স্পষ্টতা আৰু নিয়ামক নিৰ্দেশনা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
